অতি সোনকালে ভাৰতত নিষিদ্ধ হ'ব WhatsApp! দিল্লী উচ্চ ন্যায়ালয়ক সতৰ্কবাণী দিলে WhatsAppএ! কিন্তু কিয়?...

whatsapp

অতি শীঘ্ৰেই ভাৰতত বন্ধ হ'ব পাৰে WhatsApp! দিল্লী উচ্চ ন্যায়ালয়ক ডাঙৰ সতৰ্কবাণী দিলে WhatsAppএ। উল্লেখ্য যে, মেটাৰ মালিক কোম্পানীয়ে এটা গোচৰত এই কথা উল্লেখ কৰিছিল দিল্লী উচ্চ ন্যায়ালয়ত। কিন্তু কিয় এই ডাঙৰ সিদ্ধান্ত WhatsAppৰ?

ভাৰতৰ তথ্য প্ৰযুক্তি আইনৰ মতে, ভাৰতত নিৰাপত্তাজনিত বিভিন্ন কাৰণত WhatsAppৰ লগতে বহু মেছেজিং এপসমূহৰ চাট ডাটাত প্ৰৱেশ কৰিবলগীয়া হয় কিন্তু এণ্ড-টু-এণ্ড এনক্ৰিপচনৰ দ্বাৰা সেয়া সম্ভৱ নহয়। সেইবাবেই আদালতে এই সকলোবোৰ মেছেজিং এপৰ ​এনক্ৰিপচন বাতিল কৰাৰ কথা কৈছে।আৰু সেই সন্দৰ্ভত WhatsAppৰ মতামত বিচাৰিছিল।

আৰু তাৰ পিছতে মেটা কোম্পানীটোৰ মালিকানাধীন কোম্পানীটোৰ অধিবক্তাই আদালতত বিস্ফোৰক দাবী জনায়। তেওঁ কয়, "যদি কোনো কাৰণত ভাৰতত WhatsAppৰ  এণ্ড টু এণ্ড এনক্ৰিপচন বন্ধ কৰিবলগীয়া হয়, তেন্তে কোম্পানীয়ে ভাৰতৰ পৰা তেওঁলোকৰ সেৱা বন্ধ কৰিবলৈ বাধ্য হ’ব। আৰু WhatAppsএ ভাৰত এৰিব"।

উল্লেখ্য যে, বিশ্বৰ বহু লোকে WhatsApp নিৰাপত্তাৰ বাবে ব্যৱহাৰ কৰে। এই এপটোৰ ভাৰতত মুঠ ৪০ কোটি ব্যৱহাৰকাৰী আছে, বিশ্বজুৰি ইয়াৰ ব্যৱহাৰকাৰীৰ সংখ্যা প্ৰায় ১৫ বিলিয়ন সেয়েহে, কোম্পানীয়ে এই নিৰাপত্তা বৈশিষ্ট্য সকলোতে ৰাখিব বিচাৰে।

Category
Profile picture for user UB Photos