আগন্তুক লোকসভা নিৰ্বাচনত ভোটদানৰ আহ্বানেৰে ‘মা-দেউতালৈ ভোটদানৰ আহ্বান’ কাৰ্যসূচী, উপস্থিত কামৰূপ জিলাৰ আয়ুক্ত কীৰ্তি জল্লী......

vote

আগন্তুক লোকসভা নিৰ্বাচনত ভোটদানৰ আহ্বানেৰে কামৰূপ জিলাৰ অষ্টমৰ পৰা একাদশ মানৰ ১ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে নিজ নিজ পিতৃ-মাতৃলৈ পোষ্টকাৰ্ড লিখাৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। লোকসভা নিৰ্বাচনত ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে কামৰূপ নিৰ্বাচনী জিলাই হাতত লোৱা এক অভিনৱ পদক্ষেপ। 

Assam

‘মা-দেউতালৈ ভোটদানৰ আহ্বান’ কাৰ্যসূচীৰ অধীনত এই অভিলেখসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে পোষ্টকাৰ্ড লিখাৰ কাৰ্যসূচীত অংশ লয়। এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হ’ল অহা ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত কামৰূপ জিলাত ১০০ শতাংশ ভোটদান নিশ্চিত কৰা। 

কামৰূপ জিলাৰ আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া কীৰ্তি জল্লীয়ে এই কাৰ্যসূচীৰ উদ্দেশ্য সন্দৰ্ভত কয় যে "দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক শক্তিশালী কৰাৰ বাবে ভোটদান কৰাতো অতি প্ৰয়োজনীয়"। 

Category