আচাৰ্য চাণক্যৰ মতে, পিতা-পুত্ৰৰ সম্পৰ্ক কেনে হ’ব?........

chanakya

ভাৰতীয় সমাজ জীৱনত আচাৰ্য চাণক্যক চিনি নোপোৱা মানুহৰ সংখ্যা তেনেই নগণ্য। নিজৰ অসীম জ্ঞান, ধ্যান-ধাৰণাৰে আচাৰ্য চাণক্যই ভাৰতীয় জনসাধাৰণৰ মাজত বিশেষ স্থান দখল কৰিছে। ব্যক্তিৰ জীৱনৰ সৈতে সংপৃক্ত প্ৰতিটো দিশৰ ওপৰতে চাণক্যই দি গৈছে প্ৰয়োজনীয় উপদেশবাণী। চাণক্যৰ এই উপদেশসমূহ প্ৰয়োগ কৰি প্ৰজন্মৰ পিছত প্ৰজন্ম উপকৃত হৈ আহিছে।

পিতা-পুত্ৰৰ সম্পৰ্ক কেনে হ’ব, সেই বিষয়ত যদি কোনো দ্বিধাবোধ আছে চাণক্যৰ বচনে সেই দ্বিধা আঁতৰাব পাৰে। তেওঁ উল্লেখ কৰি গৈছে প্ৰকৃতাৰ্থত কেনে হ’ব লাগে পিতা-পুত্ৰৰ সম্পৰ্ক।

চাণক্যৰ মতে, পুত্ৰক ৫ বছৰলৈকে লালন-পালন কৰিব লাগে। ১০ বছৰলৈকে সম্পূৰ্ণ দৃষ্টি ৰাখিব লাগে। আৰু ১৬ বছৰৰ পাছত তেওঁৰ সৈতে বন্ধুৰ দৰে ব্যৱহাৰ কৰিব লাগে।

এই নীতিৰ জৰিয়তে আচাৰ্য চাণক্যই এজন ব্যক্তিয়ে সময়ে সময়ে পুত্ৰৰ লগত কেনে আচৰণ কৰিব লাগে তাকে কৈছে। যদি পুত্ৰৰ বয়স ৫ বছৰ বা তাতকৈ কম হয় তেন্তে তেওঁক সম্পূৰ্ণ মৰম দিব লাগে আৰু কঠোৰ আচৰণ আৰু কথা-বতৰাৰ পৰা আঁতৰাই ৰাখিব লাগে। এই সময়ত ব্যক্তিজনৰ আচৰণ অতি মধুৰ হ’ব লাগে।

ইয়াৰ পিছত পুত্ৰক ১০ বছৰৰ বাবে তাড়ণ কৰিব লাগে। ইয়াত তাড়ণ শব্দৰ অৰ্থ হ’ল যত্ন, অৰ্থাৎ সকলো বস্তুতে পিতৃৰ চকু থাকিব লাগে। মৰম আৰু মৰমৰ শাসনৰ মাজেৰে জীৱনৰ শিক্ষা দিব লাগে।

আনহাতে, যেতিয়া পুত্ৰই ১৬ বছৰ বয়স লাভ কৰে তেতিয়া তেওঁক বন্ধুৰ দৰে ব্যৱহাৰ কৰা উচিত আৰু জীৱনৰ সকলো গুৰুত্বপূৰ্ণ কথা আলোচনা কৰা উচিত। এনে কৰিলে পুত্ৰৰ উজ্জ্বল ভৱিষ্যতৰ সপোন পূৰণ হ’ব পাৰে। 

Category
Profile picture for user UB Photos