সোণাপুৰৰ ডিমৰীয়াত মুখ্যমন্ত্ৰীৰ বিশেষ কাৰ্যসূচী! আতিথ্য দক্ষতা বিকাশ কেন্দ্ৰৰ শুভ উদ্বোধন......

sarma

সোণাপুৰৰ ডিমৰীয়াত মুখ্যমন্ত্ৰীৰ বিশেষ কাৰ্যসূচী
আতিথ্য দক্ষতা বিকাশ কেন্দ্ৰৰ শুভ উদ্বোধন
উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
উপস্থিত থাকে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
উপস্থিত KACCৰ CEM তুলিৰাম ৰংহাং

অসম পৰ্যটন উন্নয়ন নিগম, ভাৰত চৰকাৰৰ উদ্যমিতা আৰু দক্ষতা বিকাশ মন্ত্ৰালয়ৰ লগতে ইণ্ডিয়ান হোটেল আৰু টাটা ষ্ট্ৰাইভৰ যুটীয়া পদক্ষেপেৰে স্থাপিত এই দক্ষতা বিকাশ কেন্দ্ৰটি আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

বিশেষকৈ তাজ গ্ৰুপৰ পৃষ্ঠপোষকতাত পৰিচালিত এই উৎকৰ্ষতা কেন্দ্ৰৰ যোগেদি প্ৰশিক্ষণ সমাপ্ত কৰা শিক্ষাৰ্থীসকলে ‘আতিথ্য’ৰ সৈতে জড়িত বিভিন্ন খণ্ডত নিযুক্তি লাভ কৰিব। এই বিশেষ পদক্ষেপে  ৰাজ্যৰ নিবনুৱা সমস্যা দূৰীকৰণত প্ৰভূত বৰঙণি যোগাব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।

Category
Profile picture for user UB Photos