লোকসভা নিৰ্বাচন ২০২৪ৰ সময়সূচী ঘোষণা! লোকসভা আৰু ৪ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা........

Election

লোকসভা নিৰ্বাচন ২০২৪ৰ সময়সূচী ঘোষণা
সংবাদমেল সম্বোধন মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ
লোকসভা আৰু ৪ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা
ভোটাধিকাৰ সাব্যস্ত কৰিব ৯৬,৮৮,২১,৯২৬ ভোটদাতাই 
ইয়াৰে ৪৯ কোটি ৭২ লাখ ৩১,৯৯৪গৰাকী পুৰুষ ভোটদাতা
৪৭ কোটি ১৫ লাখ ৪১ হাজাৰ ৮৮৮গৰাকী মহিলা ভোটদাতা
দেশজুৰি থাকিব ১০.৫ লাখ ভোটগ্ৰহণ কেন্দ্ৰ
নিয়োজিত হ’ব ১.৫ কোটি নিৰ্বাচনী বিষয়া, সুৰক্ষাকৰ্মী
অংশগ্ৰহণ কৰিব ১.৮২ কোটি নৱ ভোটাৰে 
১২ ৰাজ্যত পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা সৰ্বাধিক
ভোটগ্ৰহণ কেন্দ্ৰসমূহত থাকিব সকলো ন্যূনতম জনসুবিধা
প্ৰথমবাৰৰ বাবে ৮৫ৰ ঊৰ্ধ্বৰ ভোটদাতাই ঘৰৰ পৰা কৰিব পাৰিব ভোটদান
অপৰাধমূলক গোচৰ থাকিলে প্ৰাৰ্থীয়ে বাতৰিকাকতত দিব লাগিব বিজ্ঞাপন
প্ৰাৰ্থীৰ ধনৰ লেনদেনৰ ওপৰত ৰখা হ’ব তীক্ষ্ণ নজৰ
অভিযোগৰ ১০০ মিনিটৰ ভিতৰত ব্যৱস্থা ল’ব আয়োগে
১৯৫০ নম্বৰত দিব পাৰিব অভিযোগ
হিংসাৰ আশ্ৰয় লোৱাসকলৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা
সকলো বেংকৰ লেনদেনৰ ওপৰত ৰখা হ’ব তীক্ষ্ণ নজৰ
সামাজিক মাধ্যমৰ ভুৱা পোষ্টৰ ওপৰত ৰখা হ’ব কঠোৰ নজৰ
সংবাদ মাধ্যমত বিজ্ঞাপন প্ৰকাশৰ ক্ষেত্ৰতো বিশেষ নিৰ্দেশনা
নিৰ্বাচনী প্ৰচাৰত ব্যক্তিগত আক্ৰমণৰ বাবেও সকীয়নি
ধৰ্মীয় উত্তেজনা সৃষ্টিকাৰী ভাষণক লৈও সতৰ্কতা জাৰি
নিৰ্বাচনী বিধি নিৰীক্ষণৰ বাবে থাকিব ২,১০০ বিশেষ অতিৰিক্ত নিৰীক্ষক
২৬ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনো অনুষ্ঠিত হ’ব একে সময়তে
৪ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰো সময়সূচী ঘোষণা
ছিকিম, অৰুণাচল, ওড়িশা, অন্ধপ্ৰদেশত হ’ব বিধানসভা নিৰ্বাচন

Category
Profile picture for user UB Photos