আজিৰে পৰা দুদিনীয়াকৈ নতুন দিল্লীত আৰম্ভ বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ সভা.....

modi

আজিৰে পৰা দুদিনীয়াকৈ নতুন দিল্লীত আৰম্ভ বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ সভা। এই কাৰ্যসূচীত উপস্থিত থাকিব বিজেপিৰ শীৰ্ষ নেতৃত্ব সকল লগতে উপস্থিত থাকিব বিজেপিৰ ৰাজ্যিক নেতৃত্ব।

মুঠ ১১,৫০০ গৰাকী প্ৰতিনিধি উপস্থিত থাকিব বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ সভাত।

উল্লেখ্য যে, কাইলৈ সামৰণি অনুষ্ঠান সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী গৰাকীৰ লগতে উপস্থিত থাকিব বিজেপিৰ সভাপতি জে পি নাড্ডা। দিল্লীলৈ দলে-বলে অসমৰ বিজেপি নেতৃত্ব সকল ৰাওণা হোৱাৰ খবৰ আহি পৰিছে।

দিল্লীলৈ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা। উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও। একাংশ সাংসদ, মন্ত্ৰী-বিধায়ক, কাৰ্যকৰ্তাও দিল্লীলৈ।

এবাৰ যেন লোকসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰিব বিজেপিয়ে। ইয়াৰ পূৰ্বে ২০১৪, ২০১৯তো হৈছিল পৰিষদীয় সভা।

Category
Profile picture for user UB Photos