ৰাজ্য চৰকাৰৰ আন এক সবল খোজ! আজি পুনৰ নিযুক্তি দিয়া হয় ৮৯০ গৰাকী প্ৰাৰ্থীক.........

himu

১ লাখ নিযুক্তি স্পৰ্শ কৰাৰ দিশত ৰাজ্য চৰকাৰৰ আন এক সবল খোজ। আজি পুনৰ নিযুক্তি দিয়া হয় ৮৯০ গৰাকী প্ৰাৰ্থীক।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। 

ৰাজ্য চৰকাৰৰ অধীনস্থ ১৫টা বিভাগত দিয়া হৈছে এই নিযুক্তি। নিযুক্তিপ্ৰাপ্তৰ ভিতৰত আছে ২১গৰাকীকৈ বিশেষসভাৱে সক্ষম প্ৰাৰ্থী।

নিজৰ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, সম্প্ৰতি অসমত নিযুক্তিৰ নামত সংঘটিত হোৱা নাই কোনো ধৰণৰ দুৰ্নীতি। মন্ত্ৰী, বিধায়কসকলেও আজিকালি চাকৰিৰ নামত কাষ নাচাপে মুখ্যমন্ত্ৰীৰ।

Category
Profile picture for user UB Photos