সংযুক্ত আৰৱ আমিৰ শ্বাহীত প্ৰথমটো হিন্দু মন্দিৰ মুকলি.........

PM UAE

দুদিনীয়া কাৰ্যসূচীৰে UAEত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সংযুক্ত আৰৱ আমিৰ শ্বাহীত প্ৰথমটো হিন্দু মন্দিৰ আজি মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৭০০ কোটি টকা ব্যয়সাপেক্ষে, ৫.৪ হেক্টৰ ভূমিত নিৰ্মাণ কৰা হৈছে এই বিশাল মন্দিৰ। লগতে, মন্দিৰটোত ব্যৱহাৰ কৰা হৈছে গোলাপী ৰঙৰ শিল-মাৰ্বল।

BAPS ছ’চাইটিৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে মন্দিৰটো। জনসভা সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

উল্লেখ্য যে ৰাজস্থান আৰু গুজৰাটৰ ২ হাজাৰ শ্ৰমিকে যোৱা ৩ বছৰ ধৰি নিৰ্মাণ কৰিছে এই মন্দিৰ। UAEত বসবাস কৰা ৩৫ লাখ ভাৰতীয়ৰ বাবে উপাসনাস্থলী হ’ব এই ঐতিহাসিক মন্দিৰ। UAEৰ ৰাষ্ট্ৰপতি মহম্মদ বীন জায়াদ অল নাহ্যানে আদৰণি জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। 

অহলন মোদী শীৰ্ষক শ্ল’গানেৰে প্ৰধানমন্ত্ৰী মোদীৰ বাবে বিশেষ কাৰ্যসূচী। ২০১৪ চনত প্ৰধানমন্ত্ৰীৰূপে দায়িত্বভাৰ লোৱা নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে ৭বাৰকৈ UAE ভ্ৰমণ কৰিছে। ২০১৫ চনত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে UAE ভ্ৰমণ কৰিছিল নৰেন্দ্ৰ মোদীয়ে।

Category
Profile picture for user UB Photos