দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত ৰঙীয়াৰ হাতীখলা পথাৰ! আজিৰে পৰা আৰম্ভ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশন.....

rangia

উদুলি-মুদুলি ৰঙিয়াৰ হাতীখলা পথাৰ। আজিৰে পৰা আৰম্ভ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশন। পুৱাৰে পৰা দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত ৰঙিয়াৰ হাতীখলা পথাৰ। ৩ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শংকৰ সংঘৰ ৯৩সংখ্যক অধিৱেশন।

এই শংকৰ সংঘৰ অধিবেশনত অংশ ল'ব দেশৰ বিভিন্ন প্ৰান্তৰ বহু ভকত-বৈষ্ণৱ, আই-মাতৃয়ে। ইতিমধ্যেই ৫০ লাখ ভক্তক আদৰাৰ পূৰ্ণ প্ৰস্তুতি ৰঙিয়াবাসীৰ। ৭০০ বিঘা ভূমি সামৰি নিৰ্মাণ হৈছে অধিৱেশনস্থলী।

উল্লেখ্য যে, অধিৱেশনস্থলীত অস্থায়ী নামঘৰ প্ৰতিষ্ঠা কৰি গুৰুজনাৰ আসন স্থাপন কৰা হৈছে। লগতে, অধিৱেশন সাফল্য কৰি তুলিবলৈ গঠন কৰা ৩৫ খনকৈ শক্তিশালী উপ সমিতিয়ে দিনে- নিশাই কাম-কাজৰ বুজ লৈছে । 

ইফালে অধিৱেশনস্থলীৰ ভোজনালয়ত ৩০০টা চৌকা ৩০০ গৰাকী ৰান্ধনীৰ বিপৰীতে ২০০০ গৰাকী বিতৰণ কৰ্মী সাজু হৈ আছে ৷ একেলগে বহি ১০ হেজাৰ ভক্তক অন্ন প্ৰদান কৰিব পৰাকৈ ভোজনালয় নিৰ্মাণ সম্পূৰ্ণ সাজু কৰা হৈছে ৷ 

নিৰ্মাণ হৈ উঠিছে কোচ ৰাজবংশী জনগোষ্ঠীৰ মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্ত্তি লগতে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দুখন তৈলচিত্ৰৰ উপৰিও বিশাল আকাৰৰ শৰাই । মুঠতে এতিয়া উদুলি-মুদুলি ৰঙিয়াৰ হাতীখলা পথাৰ।

Category
Profile picture for user UB Photos