পৰীক্ষাক লৈ নতুন বিধেয়ক! প্রশ্ন কাকত ফাদিলক লৈ কঠোৰ ব্যৱস্থা......সবিশেষ জানো আহক.......

assembly

আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন। প্ৰথম দিনাই প্ৰতিবাদত উত্তাল মহানগৰীৰ চচল। ব্যতিক্ৰমী ৰূপেৰে প্ৰতিবাদ শিলসাঁকোৰ উচ্ছেদিত জনতাই। মৌন হৈ কলা বেজ পৰিধান কৰি সাব্যস্ত প্ৰতিবাদ।

উল্লেখ্য যে, আজি অধিবেশনৰ প্ৰথম দিনাই বিধানসভাত উত্থাপন হয় নতুন বিধেয়ক। পৰীক্ষাক লৈ উথ্থাপন হয় নতুন বিধেয়ক। এই বিধেয়কখন হৈছে - The Assam Public Examination bill, 2024।

পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰা সকলৰ প্রতিৰোধৰ ব্যৱস্থাৰে এই বিধেয়ক নিৰ্মাণ কৰা হৈছে। প্রশ্ন কাকত ফাদিলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বিধেয়কত। 

তদুপৰি প্রশ্নকাকত বিক্রী, পৰীক্ষাৰ্থীক সহায় কৰা আদিৰ বিৰুদ্ধেও কঠোৰ এই বিধেয়ক। লগতে, নিৰ্ধাৰিত প্রেছৰ বাহিৰে অন্য স্থানত প্রিণ্ট কৰিব নোৱাৰিব প্রশ্নকাকত। ৰাজ্য চৰকাৰৰ যিকোনো পৰীক্ষাত প্রযোজ্য হ’ব এই বিধি।

এপিএছচি, গুৱাহাটী উচ্চ ন্যায়ালয়, এছএলআৰচি গ্ৰেড ৩ আৰু গ্ৰেড ৪ কে ধৰি মেট্ৰিক, উচ্চতৰ মাধ্যমিক, টেট আদি পৰীক্ষাতো এই বিধেয়ত প্ৰযোজ্য হ'ব।

এই বিধেয়কৰ অধীনত নকল কৰি ধৰা পৰিলে ৩ বছৰৰ জেল আৰু ১০ লাখ টকাৰ জৰিমণা ভৰিব লাগিব। আনহাতে প্ৰশ্নকাকত ফাদিল কৰিলে ১০ বছৰৰ জেল আৰু ১০ কোটি টকাৰ জৰিমণা ভৰিব লাগিব।

Category
Profile picture for user UB Photos