ৰঙিয়া শংকৰদেৱ অধিবেশনলৈ মাজত কেইটামান দিন! ভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱক আদৰিবলৈ সাজু ৰঙিয়াবাসী........

rangia

ৰঙিয়া শংকৰদেৱ অধিবেশনলৈ মাজত কেইটামান দিন। ৰঙিয়া হাতীখলা পথাৰত অধিৱেশনৰ ব্যাপক প্ৰস্তুতি। ভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱক আদৰিবলৈ সাজু ৰঙিয়াবাসী। গঠন কৰা হৈছে ৩৫খনকৈ উপ-সমিতি। সাজু কৰি তোলা হৈছে বৃহৎ ভোজনালয়, নাটঘৰ।

৯ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণিল অনুষ্ঠান। ৯৩ সংখ্যক শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৰঙিয়া অধিৱেশনলৈ মাজত মাথো কেইটামান দিন। অধিৱেশনৰ দিন চমু চাপি অহা লগে লগে ব্যস্ততা বাঢ়িছে ভকত-বৈষ্ণৱৰ মাজত। 

৩৫খন উপসমিতিৰে গঠন কৰি ভাগ কৰি দিয়া হৈছে নিজ নিজ দায়িত্ব। আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে সৰ্ববৃহৎ ভোজনালয়ো। ভোজনালয়ত থাকিব একেলগে বহি এবাৰতে দহহাজাৰ ভকত বৈষ্ণৱে গ্ৰহণ কৰিব পৰা ব্যৱস্থা। সম্পূৰ্ণ হৈ উঠিছে নামঘৰ, মূল সাংস্কৃতিক মঞ্চ ইত্যাদি। 

অধিবেশনৰ দিন যিমানেই ওচৰ চাপি আহিছে সিমানেই মৰাণজানা হাতীখলা পথাৰত বিৰাজ কৰিছে উখল-মাখল পৰিৱেশ। ৯ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া অধিৱেশনত বিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া ভকত-বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে ৰঙিয়াবাসী। 

Category
Profile picture for user UB Photos