শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত বিজেপি যুৱ মৰ্চাৰ নৱ ভোটাৰ সন্মিলন.................

Kalakshetro

শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত বিজেপি যুৱ মৰ্চাৰ নৱ ভোটাৰ সন্মিলন। ৰাজ্যৰ ১০৬ টা সমষ্টিত অনুষ্ঠিত হৈছে BJYM ৰ নৱ ভোটাৰ সন্মিলন। সন্মিলনত অংশ গ্ৰহণ কৰা নৱ ভোটাৰৰ সন্মুখত ভাষণ দেশৰ প্ৰধানমন্ত্ৰীৰ। 

উল্লেখ্য যে, BJYM ৰ নৱ ভোটাৰ সন্মিলনত অংশ গ্ৰহণ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নৱ ভোটাৰক উদ্বুদ্ধ কৰি প্ৰধানমন্ত্ৰীৰ ভাষন। লগতে, কলাক্ষেত্ৰৰ নৱ ভোটাৰ সন্মিলনত অংশ লয় সৰ্বানন্দ সোণোৱালে। নৱ ভোটাৰক লৈ বিশেষ ভাৱে সাজু হৈছে বিজেপি। বিজেপিৰ লক্ষ্য যুৱ ভোটাৰ। 

সেয়েহে, ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত নৱ ভোটাৰ সন্মিলন BJYM ৰ। শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত অসম ৰাজ্যিক BJYM ৰ নৱ ভোটাৰ সন্মিলনত ভাৰ্চুৱেলীঅংশ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীৰ বিভিন্ন মন্তব্য।

"বিকশিত ভাৰত গঢ়াৰ ক্ষেত্ৰত নৱ ভোটাৰৰ ভূমিকা হ'ব গুৰুত্বপূৰ্ণ", :ভৱিষ্যতৰ ভাৰতক উজ্জ্বল কৰাৰ দায়িত্ব নৱ ভোটাৰৰ", "দেশৰ ভৱিষ্যত গতি নিৰ্ণায়কৰ ভূমিকাত থাকিব নৱ ভোটাৰ" এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ।

আনহাতে, লোকসভা নিৰ্বাচনত বিজেপিৰ সংকল্প পত্ৰ কেনে হোৱা উচিত, তাৰে পৰামৰ্শ দিবলৈ নৱ ভোটাৰক আহ্বান প্ৰধানমন্ত্ৰীৰ। নমো এপৰ জৰিয়তে বিজেপিৰ সংকল্প পত্ৰ সন্দৰ্ভত পৰামৰ্শ দিব পাৰিব নৱ ভোটাৰে।

শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত নৱ ভোটাৰ সন্মিলনত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। উপস্থিত নৱ ভোটাৰক কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ সন্দৰ্ভত বৰ্ননা সৰ্বানন্দ সোণোৱালৰ। কংগ্ৰেছে উপেক্ষা কৰা যুৱ সমাজক নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আগবঢ়াই লৈ গৈছে বিজেপিয়ে, এই মন্তব্য সৰ্বানন্দ সোণোৱালৰ। 

এনেদৰেই নৱ ভোটাৰ সন্মিলন আয়োজন কৰে বিজেপিৰ যুৱ মৰ্চাই। ৰাজ্যিক BJYM ৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা, মহানগৰ BJYM ৰ সভাপতি নিহাৰেন্দ্ৰ শৰ্মাও উপস্থিত থাকে নৱ ভোটাৰ সন্মিলনত।

Category
Profile picture for user UB Photos