কাছাৰত চাঞ্চল্যকৰ ঘটনা! ১০ হাজাৰ টকাক লৈ সৃষ্ট বিবাদৰ চৰম ৰূপ...........

silchar

কাছাৰৰ ধলাইত চাঞ্চল্যকৰ হত্যাকাণ্ড
দলবদ্ধ আক্ৰমণত মৃত্যু ২৭ বছৰীয়া যুৱকৰ
বাবু লস্কৰ নামৰ যুৱকজনৰ মৃত্যুকলৈ প্ৰতিক্ৰিয়া
১০ হাজাৰ টকাক লৈ সৃষ্ট বিবাদৰ চৰম ৰূপ
আনৰ বিবাদৰ বলি হ’ল বাবু লস্কৰ

ঘটনাৰ বিৱৰণী মতে,   ধলাইৰ জামালপুৰৰ চাকিব হুছেইন আৰু আনোৱাৰ হুছেইন নামৰ দুজন যুৱকৰ মাজত ১০ হাজাৰ টকাকলৈ দীৰ্ঘদিনৰ পৰা বিবাদ চলি আছিল। চাকিব হুছেইনৰ পৰা ১০ হাজাৰ টকা পাবলগীয়া আছিল আনোৱাৰে। ইয়াকে লৈ দীৰ্ঘদিনৰ পৰা দুয়োৰে মাজত অব্যাহত আছিল বিবাদ। 

সোমবাৰে নিশা বিবাদে ভয়ংকৰ ৰূপ ল’লে। নিশা চাকিব তেঁওৰ দুই বন্ধুৰ সৈতে ৰাস্তাৰে গৈ থাকোতে আনোৱাৰ হুছেইনৰ নেতৃত্বত ২০ জনীয়া গুণ্ডা বাহিনীয়ে তিনিওকে আক্ৰমণ কৰে। চোকা অস্ত্ৰৰে তিনিওকে আক্ৰমণ কৰে গুণ্ডা বাহিনীয়ে। আক্ৰমণত বাবু লস্কৰ নামৰ যুৱকজন আঘাতপ্ৰাপ্ত হৈ অচেতন হৈ পৰে। আনহাতে চাকিব আৰু আনজন বন্ধু পলাই সাৰিবলৈ সক্ষম হয়। 

পিছত বাবু লস্কৰৰ মৃত্যু ঘটে। মৃত্যুৰ খৱৰ পোৱাৰ লগে জামালপুৰ অঞ্চলৰ লোক সকল উত্তেজিত হৈ উঠে । আৰু হত্যাকাৰী আনোয়াৰ হুছেইনৰ বাসগৃহত উপস্থিত হৈ উত্তেজিত লোকে আনোয়াৰৰ এখন বাহন সহ বাসগৃহ ভাঙি চুৰমাৰ কৰে । 

পিছত আৰক্ষী সহ চিআৰপিএফ বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । ইতিমধ্যে আনোয়াৰৰ পৰিয়ালৰ দুই মহিলাক আৰক্ষীয়ে আটক কৰিছে । কিন্তু এতিয়াও পলাতক মূল অভিযুক্ত আনোয়াৰ হুছেইন । 
 

Category
Profile picture for user UB Photos