"বাটত শিল, বতাহ-বৰষুণ, ধুমুহা যিয়েই নাহক, আমাক কোনো ৰখাব নোৱাৰে" এই মন্তব্য ভূপেন বৰাৰ..............

bhupen bora

অহা ২৩ জানুৱাৰীত গুৱাহাটীত উপস্থিত হ'ব ৰাহুল গান্ধী। ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ USTMত ৪ ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হ'ব ৰাহুল গান্ধী। লগতে, দল-সংগঠন, সাংবাদিক, জ্যেষ্ঠ নাগৰিকৰ সৈতেও মত বিনিময় কৰিব ৰাহুল গান্ধীয়ে।

উল্লেখ্য যে, নিৰ্বাচনী ইস্তাহাৰত উত্তৰ পূৱৰ কি কি বিষয় অন্তৰ্ভুক্ত কৰিব তাক লৈও হ'ব আলোচনা। 

"ন্যায় যাত্ৰা বিফল কৰিবলৈ ইতিনধ্যে চৰকাৰে বহুত চেষ্টা কৰিছে, যিমান চেষ্টা কৰিলেও ন্যায় যাত্রা চলিবই। বাটত শিল, বৰষুণ,ধুমুহা যিয়েই নাহক আমাক ৰখাব নোৱাৰে। বিজেপিয়ে অন্যায়ৰ যাত্ৰা বুলি কলেও আমি ন্যায় নোপোৱা মানুহৰ সৈতে কথা পাতিম। ৰাহুল গান্ধীৰ বাবে আমি এতিয়া পথাৰ বিচাৰি আছো কাৰণ বিদ্যালয় মহাবিদ্যালয়ত চৰকাৰে অনুমতি দিয়া নাই" এই মন্তব্য ভূপেন বৰাৰ।

লগতে তেওঁ বদৰুদ্দিন আজমল আৰু ভবেশ কলিতাক কুলংগাৰ আখ্যা দিছে।

Category
Profile picture for user UB Photos