বিগত ২০২৩ বৰ্ষত ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে বন বিভাগে নগাঁৱৰ লাওঁখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যত উচ্ছেদ অভিযান চলাই অবৈধ বসতি মুক্ত কৰিছিল। উল্লেখ্য যে ১৯৮৩ চনলৈকে এই দুখন অভয়াৰণ্যত ৪৫ ৰ পৰা ৫০ তকৈ অধিক গঁড়ৰ বিচৰণ দেখা গৈছিল।
কিন্তু পৰৱৰ্তী সময়ত চোৰাং চিকাৰী আৰু বেদখলকাৰিৰ উৎপাতত গঁড় সমূহ সেই এলেকা ত্যাগ কৰি ব্ৰক্ষ্মপুত্ৰৰ উত্তৰ উপত্যকাত থকা ওৰাং ৰাষ্ট্ৰীয় উদ্যান লৈ গুচি গৈছিল। লক্ষ্যনীয় ভাৱে, যোৱা বৰ্ষত ৰাজ্য চৰকাৰৰ নিৰ্দেশত এই দুখন অভয়াৰণ্যত উচ্ছেদ চলাই বসতি মুক্ত কৰাৰ পিছত পুনৰ গঁড়ৰ আগমন দেখা পোৱা গৈছে।
তাৰ পিছতেই ৰাজ্যৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ টুইটাৰ একাউণ্টত কয় যে “সকলোকে জনাবলৈ পাই সুখী হৈছোঁ যে বিগত ৪০ টা বছৰৰ পাছত লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যলৈ পুনৰ গঁড় সমূহ উভতি আহিছে। অঞ্চলটোত আমাৰ অবৈধ বসতিৰ উচ্ছেদ অভিযানৰ সফলতাৰ এটা বছৰৰ ভিতৰতে গঁড় সমূহ ঘূৰি আহিছে।”
উল্লেখনীয় যে প্ৰায় ৫১.৭ বৰ্গকিলোমিটাৰ অৰণ্য পুনৰ বসতি মুক্ত কৰিবলৈ সক্ষম হৈছিল ২০২৩ চনৰ এই উচ্ছেদ অভিযানত।
- Log in to post comments