এইবাৰ ৰাজনীতিত নামিল ক্ৰিকেটাৰ! সাংসদ হ’ল বাংলাদেশ ক্ৰিকেট দলৰ অধিনায়ক ছাকিব আল হাছান..........

cricketer

বাংলাদেশৰ ৰাজনীতিৰ ইতিহাসত পুনৰ সংযোজন ক্ৰিকেটাৰৰ। তৃতীয় জন ক্ৰিকেটাৰ ছাকিব আল হাছান হ'ল বাংলাদেশৰ সাংসদ। বাংলাদেশৰ মাগুৰা-১ ৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ছাকিব আল হাছানে। 

সংবাদ মাধ্যমৰ সুত্ৰ অনুসৰি, ছাকিবে সৰ্বমুঠ ১,৮৫,৩৮৮ টা ভোট লাভ কৰাৰ বিপৰীতে বিৰোধী প্ৰতিদ্বন্দ্বী অধিবক্তা কাজী ৰেজাউল হুছেইনে লাভ কৰে মুঠ ৫,৯৯৪ টা ভোট। অৰ্থাৎ প্ৰথমবাৰৰ বাবে ছাকিব নিৰ্বাচনত অৱতীৰ্ণ হৈ ব্যাপক ব্যৱধানত জয়লাভ কৰিছে।

ইয়াৰ পূৰ্বেও বাংলাদেশৰ দুজনকৈ ক্ৰিকেটাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই সাংসদ হৈছিল। ২০১৪ আৰু ২০১৮ চনত ক্ৰিকেটাৰ নাইমুৰ এহছান দুৰ্জয় দুবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল আৰু ২০১৮ চনত প্ৰথমবাৰৰ বাবে মাছৰাফে মৰ্টাজাই জয়লাভ কৰিছিল।

বিভিন্ন তথ্য অনুসৰি বৰ্তমান লৈ ছাকিবে ক্ৰিকেট এৰা নাই। উল্লেখ্য যে ক্ৰিকেট আৰু ৰাজনীতি একেলগে সুকলমে চলাই‌ নিব বুলি ছাকিবে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

Category