অযোধ্যাত উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰোড শ্ব’ত অংশগ্ৰহণ ককিব প্ৰধানমন্ত্ৰী মোদীৰ। প্ৰচণ্ড শীতকো নেওচি সহস্ৰাধিক জনতাই আদৰণি জনাই PMক।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব অযোধ্যাৰ বিমানবন্দৰ। মহৰ্ষি বাল্মিকী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বছৰত ১০ লাখ যাত্ৰীক সেৱা প্ৰদানৰ লক্ষ্যৰে নিৰ্মিত বিমানবন্দৰটো।
৬,৫০০ বৰ্গমিটাৰ সামৰি নিৰ্মাণ টাৰ্মিনেল ভৱন। দুখন অমৃত ভাৰত ৰে’লো উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। ৬খনকৈ বন্দে ভাৰত এক্সপ্ৰেছো শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে।
২২ জানুৱাৰীৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অযোধ্যাৰ পৰিকাঠামো উন্নয়নৰ ক্ষেত্ৰত এই বিশেষ প্ৰকল্পসমূহ লোৱা হৈছে।
- Log in to post comments