বাঘৰ আতংক! তিনিটাকৈ নাহৰফুটুকীয়ে নিদ্ৰাহৰণ কৰিছে মৰাণবাসীৰ.......

tiger

বাঘৰ আতংকত দিন কটাইছে মৰাণবাসীয়ে
মৰাণৰ খোৱাং, হালধিবাৰী, বৰপথাৰত বাঘৰ আতংক
তিনিটাকৈ নাহৰফুটুকীয়ে নিদ্ৰাহৰণ কৰিছে অঞ্চলবাসীৰ

ফুট গধূলিতে গোহালিৰ পৰা লৈ যায় গৰু-ছাগলী
বনবিভাগৰ লোকো ব্যৰ্থ বাঘ খেদাত
ফটকা ফুটাই বনবিভাগে সামৰিছে দায়িত্ব
আতংকিত ৰাইজৰ অভিযোগ বনবিভাগৰ বিৰুদ্ধে

উল্লেখ্য যে, বিগত প্ৰায় এটা মাহে নাহৰফুটুকীকেইটাই মৰাণত কেইবাখনো গাঁৱত সন্ত্ৰাসৰ সৃষ্টি কৰি আছে। মুকলিভাৱে বিচৰণ কৰি থকা নাহৰফুটুকীকেইটাৰ সন্ত্ৰাসত বিনিদ্ৰ ৰজনী কটাই আছে অঞ্চলবাসীয়ে। এঘৰ লোকৰ CCTV কেমেৰাত নাহৰফুটুকীৰ বিচৰণ ধৰা পৰাত আতংকৰ মাত্ৰা দুগুণ বৃদ্ধি পাইছে। 

ইফালে খোৱাং বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ ভূমিকাতো সন্তুষ্ট নহয় স্থানীয় ৰাইজ। নাহৰফুটুকীৰ আতংকৰ পৰা অঞ্চলবাসীক মুক্ত কৰাৰ বাবে বনবিভাগে কোনো ফলপ্ৰসূ কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

Category
Profile picture for user UB Photos