ৰাজ্যৰ শিক্ষা বিভাগৰ এক ডাঙৰ সিদ্ধান্ত! চৰকাৰৰ অনুমতি অবিহনে ডিগ্ৰী ল'লে হ'ব শাস্তি.........

education

ৰাজ্যৰ শিক্ষকসকললৈ শিক্ষা বিভাগে এক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। উচ্চ শিক্ষাৰ বাবে শিক্ষকসকলে অনুমতি লোৱাটো বাধ্যতামূলক কৰা হৈছে। অনুমতি অবিহনে উচ্চ শিক্ষা লৈ থকা শিক্ষকৰ বিৰুদ্ধে এতিয়াৰে পৰা ব্যৱস্থা গ্ৰহণ কৰা হ’ব। 

অনুমতি অবিহনে শিক্ষকসকলে বি এড কলেজত নামভৰ্তি কৰিব নোৱাৰিব। যদি অনুমতি অবিহনে উচ্চ শিক্ষাত নামভৰ্তি কৰা ধৰা পৰে, তেন্তে ৰাজ্য চৰকাৰে শিক্ষকগৰাকীৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা ল’ব।

উল্লেখ্য যে, মাধ্যমিক শিক্ষাৰ সঞ্চালকৰ কাৰ্যালয়ৰ পৰা ৰাজ্যৰ সকলো বিদ্যালয়ৰ পৰিদৰ্শকলৈ জাৰি কৰা এটা নিৰ্দেশনাত প্ৰকাশ পাইছে যে বিভিন্ন প্ৰাদেশিকীকৃত মাধ্যমিক বিদ্যালয়ৰ বৰ্তমানৰ কিছু শিক্ষকে নিযুক্তি কৰ্তৃপক্ষৰ পৰা পূৰ্বৰ অনুমতি নোলোৱাকৈয়ে নিজৰ সেৱাৰ সময়ছোৱাত শৈক্ষিক/পেছাদাৰী অৰ্হতা লাভ কৰিছে। 

অসম অসামৰিক সেৱা নিয়ম, ১৯৬৫ৰ ১৩ নং নিয়ম অনুসৰি এতিয়াৰে পৰা চৰকাৰী সেৱাত থকাৰ সময়ত কোনো চৰকাৰী সেৱকে নিযুক্তি কৰ্তৃপক্ষৰ পৰা পূৰ্বৰ অনুমতি নোলোৱাকৈ স্বীকৃতিপ্ৰাপ্ত-ব’ৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰীক্ষাত নিজকে প্ৰস্তুত কৰাৰ উদ্দেশ্যে কোনো শিক্ষানুষ্ঠানত যোগদান বা উপস্থিত থাকিব নোৱাৰিব।

 গতিকে প্ৰাদেশিকীকৃত মাধ্যমিক বিদ্যালয়সমূহৰ শিক্ষক আৰু অশিক্ষক কৰ্মচাৰীসকলে সেৱাত থকাৰ সময়তে যিকোনো শৈক্ষিক/পেছাদাৰী অৰ্হতা লাভ কৰিলে পূৰ্বতে উল্লেখ কৰা নিয়ম উলংঘা কৰাৰ বাবে দায়বদ্ধ হ’ব। লগতে অসম সেৱা নিয়ম, ১৯৬৪ৰ অধীনত তেওঁলোকৰ ওপৰত নিৰ্ধাৰিত শাস্তি আৰোপ কৰা হ’ব।

Category