আমি প্ৰায় সকলোৱে শিৱ ভক্ত! শিৱক আৰধনা কৰাৰ সময়ত আমি 'ওম নম: শিৱায়' মন্ত্ৰ জপ কৰো, এই মন্ত্ৰ জপ কৰাৰ লাভালাভৰ বিষয়ে জানো আহক...........

shiv

সোমবাৰটো ভগৱান শিৱৰ দিন। এই দিনটোত ভক্তসকলে শিৱৰ উপাসনা কৰে। 'ওম নম: শিৱায়' আচলতে, এই মন্ত্ৰ উচ্চাৰণ নকৰিলে পূজা অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে, এই মন্ত্ৰ উচ্চাৰণ কৰাৰ ফলত ভগৱান শিৱ সন্তুষ্ট হৈ ভক্তৰ সকলো ইচ্ছা পূৰণ কৰে।

'ওম নম: শিৱায়'ৰ অৰ্থ আৰু এই মন্ত্ৰ জপ কৰাৰ লাভালাভবোৰৰ বিষয়ে আজি জানো আহক -

'ওম নম: শিৱায়' মন্ত্ৰৰ অৰ্থ -

'ওম নম: শিৱায়'ৰ অৰ্থ হৈছে আত্মা ঘৃণা, তৃষ্ণা, স্বাৰ্থপৰতা, ঈৰ্ষা, কাম, খং, লোভ, আসক্তি আৰু মায়াবিহীন ঈশ্বৰক লগ পোৱা।

'ওম নম: শিৱায়' মন্ত্ৰ উচ্চাৰণ কৰাৰ লাভালাভ - 

 ধন প্ৰাপ্ত হয়, শত্ৰুৰ বিৰুদ্ধে বিজয় অৰ্জন হয়, সকলো দুখ আৰু দুবিধাৰ সমাপ্তি ঘটে, ভোলেনাথৰ আৰ্শীবাদ প্ৰাপ্ত হয় আদি।

আপুনি কেতিয়া এই মন্ত্ৰ জপ কৰা উচিত? 

আপুনি প্ৰতিদিনে 'ওম নম: শিৱায়' জপ কৰিব পাৰে। কিন্তু শাস্ত্ৰ অনুসৰি, শাওন, মাঘ আৰু ভাদ মাহত এই মন্ত্ৰ উচ্চাৰণ কৰাটো অতি শুভ। এই সময়ছোৱাত 'ওম নম: শিৱায়' উচ্চাৰণ কৰিলে শিৱ সোনকালেই সুখী হয় আৰু তেওঁ ভক্তৰ প্ৰতিটো ইচ্ছা পূৰণ কৰে।

Category
Profile picture for user UB Photos