আপুনিও বাৰু শনিৰ দোষত ভুগি আছে নেকি? যদি আছে, তেন্তে শনিবাৰৰ দিনটোত কৰক এই কেইটা উপায়.....হাতে হাতে পাব ফল.....

shani dev

বৈদিক শাস্ত্ৰ অনুসৰি, সপ্তাহৰ প্ৰতিটো দিনে একো একোজন ভগৱানৰ নামত উৎসৰ্গা কৰা হয়। থিক তেনেদৰে, সপ্তাহৰ শনিবাৰৰ দিনটো উৎসৰ্গা কৰা হয় ভগৱান শনিৰ নামত। কৰ্মৰ ফল ভগৱান শনিয়ে দিয়ে বুলি বিশ্বাস কৰা হয়। সেয়েহে শনিদেৱক ন্যায়ৰ দেৱতা বুলি কোৱা হয়। 

জ্যোতিষ বিজ্ঞানৰ মতে, ৯টা গ্ৰহৰ ভিতৰত শনি গ্ৰহ আটাইতকৈ লেহেমীয়া গতিৰ গ্ৰহ বুলি কোৱা হয়। ইয়াৰ কাৰণে শনি গ্ৰহ কমেও সাত বছৰ ছয় মাহ একে ৰাশিত থাকে বুলি বিশ্বাস কৰা হয়। এই ক্ষেত্ৰত এই সকলো ৰাশিত শনি আৰু অৰ্ধ সতী প্ৰধান। 

শনিৰ কু-প্ৰভাৱৰ পৰা পৰিত্ৰাণ পোৱাত কিছুমান প্ৰতিকাৰ যথেষ্ট ফলপ্ৰসূ বুলি প্ৰমাণিত হয়। সেইবোৰ কি ? জানো আহক.......

দিনে ১০৮ বাৰ শনি দেৱৰ নাম জপ কৰক। ইয়াৰ ফলাফল অতি সোনকালে পোৱা যায় বুলি বিশ্বাস কৰা হয়।

শনিবাৰে দান-বৰঙণি দিলেও ভগৱান শনি সন্তুষ্ট হয়। নিজৰ সামৰ্থ্য অনুসৰি দৰিদ্ৰজনক ক'লা মাটিমাহ, ক'লা কাপোৰ, ক'লা তিল আদি বস্তু দান কৰিব পাৰে।

প্ৰতি শনিবাৰে বজৰংগবলীৰ পূজা কৰি শনিৰ দোষ, ক্ৰোধৰ পৰা মুক্তি পাব পাৰি। কিছুদিন অবিৰতভাৱে হনুমান চলিছা আবৃত্তি কৰি বান্দৰক গুৰ আৰু বুটমাহ খুৱাব।

ক’লা ঘোঁৰাৰ নালৰ আঙঠি পিন্ধিলে শনিৰ লগত জড়িত সমস্যা আৰু দশাৰ পৰা সকাহ পোৱা যায়। শনিবাৰে সূৰ্যাস্তৰ সময়ত এই আঙঠিটো কেৱল মধ্যমা আঙুলিত পৰিধান কৰিব লাগে।
 

Category
Profile picture for user UB Photos