ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ ফাইনেলত হলিউডৰ তাৰকা দুৱা লিপাই সংগীত অনুষ্ঠান প্ৰদৰ্শন কৰিব নে! সবিশেষ জানো আহক......

dua lipa

অহা ১৯ নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চূড়ান্ত খেলখন।  সম্পূৰ্ণ ২০ বছৰৰ পিছত বিশ্বকাপৰ ফাইনেলত একেলগে দেখা যাব ভাৰত-অষ্ট্ৰেলিয়াক। আৰু তাৰ মাজতে বিভিন্ন জনে বিভিন্ন বাতৰি প্ৰকাশ কৰিছে।

উল্লেখ্য যে, বিভিন্ন বাতৰিত প্ৰকাশ পোৱা অনুসৰি, হলিউডৰ পপ চেনচেচন দুৱা লিপাই আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ ফাইনেলৰ মুকলি অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰিব। 

Cricket

অৱশ্যে এতিয়া বিচিচিআইয়ে কণ্ঠদান কৰিবলগীয়া শিল্পীৰ তালিকা প্ৰকাশ কৰিছে আৰু দুৱা লিপাৰ নাম নাই সেই তালিকাত। বি চি চি আইৰ তথ্য অনুসৰি ফাইনেলৰ বাবে কণ্ঠশিল্পীৰ ভিতৰত আছে গায়িকা জোনীতা গান্ধী, সংগীত সুৰকাৰ প্ৰীতম চক্ৰৱৰ্তী, আকাছা সিং।

আনহাতে, যদিহে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে ফাইনেলত জয়লাভ কৰে তেন্তে এদিনীয়া বিশ্বকাপত দলটোৰ তৃতীয়টো জয় হ’ব।  

Category
Profile picture for user UB Photos