শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কিং কোহলীৰ! ৫০সংখ্যক শতৰান কোহলীৰ......

India vs New Zealand

ৱাংখেড়েত বিৰাট কোহলিৰ অভিলেখ
শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ বিৰাট কোহলিৰ
এদিনীয়াত অভিলেখসংখ্যক ৫০সংখ্যক শতক অৰ্জন বিৰাটৰ
এদিনীয়াত সৰ্বাধিক শতকৰ অভিলেখৰ গৰাকী হ’ল কিং কোহলি
পূৰ্বে তেণ্ডুলকাৰৰ নামত আছিল সৰ্বাধিক শতকৰ অভিলেখ
এদিনীয়া ক্ৰিকেটত ৪৯টা শতক আছিল মাষ্টাৰ ব্লাষ্টাৰ তেণ্ডুলকাৰৰ
নিউজিলেণ্ডৰ বিৰুদ্ধে শতকৰ পিছতে এই অভিলেখ
২০২৩ৰ বিশ্বকাপত তৃতীয়টো শতক বিৰাট কোহলিৰ 
টুইটযোগে বিৰাট কোহলিক অভিনন্দন শচীন তেণ্ডুলকাৰৰ

উল্লেখ্য যে, এদিনীয়া ক্ৰিকেটত বিৰাট কোহলীৰ এয়া ৫০সংখ্যক শতৰান। উল্লেখযোগ্য যে আজি নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপ ২০২৩ৰ ছেমি ফাইনেলত এই কৃতিত্বৰ অধিকাৰী হ’ল বিৰাট কোহলী।

আজিৰ খেলখনত শতৰান অৰ্জন কৰি বেটিং কৰি আছে বিৰাট কোহলীয়ে। বিৰাট কোহলীৰ এই অভিলেখৰ লগে লগে শচীন তেণ্ডুলকাৰেও হাত চাপৰিৰে অভিনন্দন জনায় কোহলীক। কোহলীয়েও ক্ৰিকেটৰ ভগৱানক খেলপথাৰৰ পৰাই জনালে প্ৰণিপাত।

Category
Profile picture for user UB Photos