দীপাৱলী উপলক্ষে হিমাচল প্ৰদেশত প্ৰধানমন্ত্ৰী মোদী......

diwali

আজি পোহৰৰ উৎসৱ দীপাৱলীৰ লগতে কালী পূজা
দেশজুৰি দীপাৱলী তথা কালী পূজাৰ উছাহ
পোহৰেৰে আলোকিত হ’ব অমাৱস্যাৰ নিশা
দীপাৱলী উপলক্ষে হিমাচল প্ৰদেশত প্ৰধানমন্ত্ৰী মোদী
দেশৰ জোৱানৰ সৈতে লেপছাত দীপাৱলী উদযাপন
দশম বৰ্ষৰ বাবে সেনা জোৱানৰ সৈতে প্ৰধানমন্ত্ৰীৰ দীপাৱলী
দেশবাসীক দীপান্বিতাৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ
হিমাচল প্ৰদেশৰ লাহোলস্পিটি জিলাৰ অন্তৰ্গত লেপছা চেকপোষ্টত প্ৰধানমন্ত্ৰীয়ে সেনা জোৱানৰ সৈতে উদযাপন কৰে দীপান্বিতা। ভাৰত–চীন সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাৰ ২ কিলোমিটাৰ উচ্চতাত অৱস্থিত ভাৰতীয় সেনাৰ চেক পোষ্ট। ITBP  আৰু ভাৰতীয় সেনাৰ জোৱান মোতায়েন হৈ থকা অগ্ৰৱতী সীমান্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জোৱানৰ সৈতে এনেদৰে দীপান্বিতা উদযাপন কৰি আহিছে। ২০১৪ চনত প্ৰধানমন্ত্ৰীৰূপে দায়িত্ব ভাৰ গ্ৰহণ কৰাৰ সময়ৰে পৰা প্ৰধানমন্ত্ৰী মোদীয়ে সেনা জোৱানৰ সৈতে সীমান্তত এনেদৰে দীপান্বিতা উদযাপন কৰি আহিছে।

Category
Profile picture for user UB Photos