নিবনুৱাসকলৰ বাবে সুখবৰ! অসম চৰকাৰৰ ১২,৬০০ পদ মুকলি.......

govt

ৰাজ্যৰ শিক্ষিত নিৱনুৱাৰ বাবে পুনৰ কেইবা হাজাৰ পদ মুকলি কৰিছে অসম চৰকাৰে। ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মুঠ ১২,৬০০ খালী পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়ে অহা ১০ নৱেম্বৰৰ পৰা বিভিন্ন পদৰ বাবে আবেদন কৰিব পাৰিব। এই পদসমূহৰ নিযুক্তি প্ৰক্ৰিয়াত প্ৰাৰ্থীসকলক লিখিত আৰু স্কীল টেষ্টৰ লগতে সাক্ষাত্‍কাৰৰ জড়িয়তে নিযুক্তি দিয়া হ’ব।

emplo

উল্লেখ্য যে,  চৰকাৰে তৃতীয় বৰ্গৰ বাবে ৭৬০০টা পদ আৰু চতুৰ্থ বৰ্গৰ বাবে ৫০০০টা পদ মুকলি কৰিছে। নিৰ্বাচনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিয়া ১ লাখ নিযুক্তিৰ অংশস্বৰূপে এই পদসমূহত নিযুক্তি দিয়া হ’ব।

আনহাতে, এই পদসমূহত অনলাইনযোগে আবেদন কৰিব লাগিব। প্ৰাৰ্থীসকলে  www.assam.gov.in  আৰু  www.sebaonline.org ৱেবছাইটত আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ ২৯ ডিচেম্বৰ। মন কৰিবলগীয়া যে, এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীসকল ভাৰতীয় নাগৰিক হোৱাটো বাঞ্চনীয়। অসম সেৱাবিধি ২০১৭ অনুসৰি প্ৰাৰ্থীসকলক দৰমহা দিয়া হ’ব।

Category
Profile picture for user UB Photos