পুনৰ প্ৰকৃতিৰ তাণ্ডৱ! ২০১৫ৰ বিধ্বংসী ভূমিকম্পৰ পিছত আকৌ মৃত্যুৰ কিৰিলি নেপালত.......

EARTH

নেপালত ভূমিকম্পৰ জোকাৰণি! শুকুৰবাৰে নিশা ১১ বাজি ৩২ মিনিটত অহা ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতি-সাধন হয় নেপালত। ৰিখটাৰ স্কেলত ৬.৪ তীব্ৰতাৰ আছিল এই ভূমিকম্প। এই ভূমিকম্প ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীকে ধৰি উত্তৰ ভাৰতৰ বহু ঠাইত অনুভৱ কৰা হয়।

EARTH

প্ৰায় ৪০ ছেকেণ্ড ধৰি অব্যাহত থকা এই ভূমিকম্পৰ ফলত শ শ বাসগৃহকে ধৰি অন্যান্য প্ৰতিষ্ঠানৰ গৃহ ধ্বংস হৈছে। ফলত ১৩২ জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে। নিশাই উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

EARTH

উল্লেখ্য যে, যোৱা নিশা হোৱা ভূমিকম্পই সকলোৰে মনত ২০১৫ ৰ ২৫ এপ্ৰিলত অহা ভূমিকম্পৰ স্মৃতি সজীৱ কৰি তুলিছে। য'ত ৯০০০ লৈ লোকৰ মৃত্যু হোৱাৰ ইয়াৰোপৰি আহত হৈছিল ২২ হাজাৰতকৈ অধিক লোক। গৃহহীন হৈছিল প্ৰায় ৩৫ লাখৰো অধিক লোক।

EARTH

ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞানৰ অনুসৰি শুকুৰবাৰৰ নিশা ১১ বাজি ৩২ মিনিটত অহা এই ভূমিকম্পৰ উৎপত্তিস্থল আছিল নেপালৰ অযোধ্যাৰ পৰা ২২৭ কিলোমিটাৰ উত্তৰ দিশে আৰু কাঠামাণ্ডুৰ পৰা ৩৩১ কিলোমিটাৰ পশ্চিম, উত্তৰ পশ্চিম দিশে ভূগৰ্ভৰ পৰা ১০ কিলোমিটাৰ তলত।

EARTH

ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীতো অনুভৱ হৈছিল এই ভূমিকম্পৰ জোকাৰণি। ইয়াৰোপৰি উত্তৰ প্ৰদেশ, লক্ষ্ণৌ, ফিৰোজাবাদ, আমেঠি, প্ৰতাপগড়, গৌৰখপুৰকে ধৰি বিভিন্ন স্থানত কম্পন অনুভৱ হয়।
 

Category