বহুতৰ বাবে জীৱনটোতকৈ নিজৰ ইচ্ছাবোৰ বেছি ডাঙৰ পাৰে! আৰু তাৰে ভয়ংকৰ পৰিণতি ভোগ কৰিব লগীয়া হয়, ষ্টাণ্ট কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে এজন যুৱকে; এই ভয়ংকৰ ভিডিঅ' এতিয়া খলকনি তুলিছে চ'ছিয়েল মিডিয়াত…

Punjab

শনিবাৰে পঞ্জাৱত সংঘটিত এক আচৰিত ঘটনা। পঞ্জাৱৰ ফাতেহগড় চুৰিয়ানৰ সৰচুৰ গাঁৱৰ এখন মেলাত ট্ৰেক্টৰেৰে ষ্টাণ্ট কৰি আছিল ২৯ বছৰীয়া ষ্টাণ্টমেন সুখমণ্ডীপ সিঙে। আৰু সেই সময়তে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

উল্লেখ্য যে, ষ্টাণ্ট কৰি থকাৰ সময়তে সুখমণ্ডীপ ট্ৰেক্টৰত উঠিবলৈ চেষ্টা কৰিছিল। কিন্তু সেইখিনি সময়ত ট্ৰেক্টৰখন পাছফালৰ টায়াৰত থিয় হৈ আছিল আৰু ট্ৰেক্টৰখনৰ ইঞ্জিন ৰিভিং হৈ আছিল। এইবোৰৰ মাজতে সুখমণ্ডীপৰ এখন ভৰি বোকাত আৱদ্ধ হৈ পৰে আৰু যাৰ ফলত তেওঁ মাটিত বাগৰি পৰে। লগে লগে ট্ৰেক্টৰৰ চকা তেওঁৰ দেহৰ ওপৰেৰে পাৰ হৈ যায়।

PUNJAB

ষ্টাণ্ট চলি থকাৰ সময়ত বহু লোক উপস্থিত আছিল। আৰু সেই সময়ত বহু লোকে সেই ষ্টাণ্টৰ ভিডিঅ’ কৰিছিল। আৰু এই দুৰ্ঘটনাৰ ভিডিঅ’ কেমেৰাত বন্দী হৈছিল। বৰ্তমান ছচিয়েল মিডিয়াত এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে।

এই শোকাৱহ ঘটনাটোৰ পিছতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে। যুৱকজনৰ মৃত্যুৰ এদিন পিছতে সোমবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত এনে ষ্টাণ্টৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে।

Category
Profile picture for user UB Photos