নৱেম্বৰৰ আৰম্ভণিতে শনিয়ে কৰিব স্থান পৰিৱৰ্তন, সেয়েহে কালি পূজাৰ পিছতে ভাগ্য উদয় হ'ব এই ৩ ৰাশিৰ জাতকৰ....

shani dev

বৈদিক জ্যোতি শাস্ত্ৰ অনুসৰি,  শনি মাৰ্গি ৪ নৱেম্বৰত হ'বলৈ গৈ আছে। এই পৰিৱৰ্তনে কিছুমান ৰাশিৰ বাবে এটা ডাঙৰ পৰিৱৰ্তন আনিব। সলনি হ’ব জীৱন প্ৰক্ৰিয়া, প্ৰেমেৰে ভৰাই দিব শনিদেৱে। জ্যোতিশ শাস্ত্ৰ মতে, শনিদেৱ হ’ল ন্যায়ৰ দেৱতা, কৰ্মফলৰ দেৱতা। যিসকল ন্যায়ৰ মাৰ্গত থাকিব বা ধৰ্মৰ মাৰ্গত থাকিব তেওঁলোকে সদায় শনিদেৱৰ কৃপা লাভ কৰে। যি ব্যক্তিৰ কুষ্ঠীত শনিদেৱৰ অৱস্থান শুভ, সেই ব্যক্তিৰ উন্নতিত কোনোৱে বাধা দিব নোৱাৰে।

উল্লেখ্য যে, ৩০ বছৰ পিছত শনিদেৱ কুম্ভত বক্ৰিচালত অৱস্থান কৰিছে, ইয়াৰ ফলত কেইবাটাও ৰাশিৰ জাতক–জাতিকাৰ জীৱনত ডাঙৰ লাভ হ’ব। আগন্তুক নৱেম্বৰৰ পৰা স্থান পৰিৱৰ্তন কৰিব শনি মহাৰাজে। নিয়ম, নিষ্ঠা, প্ৰতিষ্ঠা আদিৰ দিশত নজৰ দিয়ে শনিদেৱে।

শনিৰ মাৰ্গিয়ে ৩ ৰাশিক সম্পদেৰে ভৰাই দিব। কোন কোন এই ৰাশিৰ উদয় হ’ব ভাগ্য?

বৃষ ৰাশি - কুম্ভত শনিৰ স্থান সলনিৰ ফলত লাভান্বিত হ’ব বৃষ ৰাশিৰ জাতক–জাতিকাসকল। ইয়াৰ ফলত আত্মবিশ্বাস বাঢ়িব। জীৱনত আহিব সফলতা। ঘৰৰ পৰিৱেশ অত্যন্ত ভাল হ’ব। মনোবল বৃদ্ধি পাব। সম্পত্তি লাভ হ’ব, সকলো মিলাই আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ ভাল হ’ব। ভাল চাকৰি পাব, সকলো মিলাই আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ ভাল হ’ব। 

কৰ্কট ৰাশি - কুম্ভত শনিৰ মাৰ্গিয়ে কৰ্কট ৰাশিৰ জাতক–জাতিকাৰ বাবে বিশাল খবৰ লৈ আহিব। বন্ধুবৰ্গৰ সম্পূৰ্ণ সমৰ্থন পাব। যিসকলে নতুন চাকৰি বিচাৰি আছে এইবাৰ তেওঁলোকে চাকৰি পাব। জীৱন পূৰ্বতকৈ সুন্দৰ আৰু সুৰক্ষিত হ’ব। মনত শান্তি আৰু আনন্দ থাকিব। পৰিশ্ৰমৰ ফল পাব জাতক–জাতিকাসকলে।

কন্যা ৰাশি - শনিৰ মাৰ্গিয়ে কন্যা ৰাশিৰ জাতক–জাতিকাৰ বাবে ডাঙৰ খ বৰ লৈ আহিব। জীৱনত ইতিবাচক প্ৰভাৱ আহিব। বাঢ়িব টকা–পইচা, সৃষ্টি হ’ব আয়ৰ নতুন উৎস।

Category
Profile picture for user UB Photos