ICC বিশ্বকাপত ক্ৰমাগত দ্বিতীয়টো জয়ৰ পিছত আফগানিস্তানত উৎসৱমুখৰ পৰিৱেশ......

Icc

ICC বিশ্বকাপত ক্ৰমাগত দ্বিতীয়টো জয়ৰ পিছত আফগানিস্তানত উৎসৱমুখৰ পৰিৱেশ। কালি পাকিস্তানক ৮ উইকেটত পৰাস্ত কৰাৰ পিছত আফগানিস্তানৰ চহৰে চহৰে আনন্দৰ জোৱাৰ প্ৰত্যক্ষ হয়। যিহেতু আফগানিস্তান, ফটকা, আতচবাজীৰ সমানে সমানে চলে AK47, AK56 ৰাইফলৰ গুলীও। শূন্যলৈ লক্ষ্য কৰি গুলী চলাই ক্ৰিকেট ফিল্ডত পাকিস্তানক হৰুওৱাৰ আনন্দত মতলিয়া হৈ পৰে আফগান নাগৰিক। আফগান ক্ৰিকেট টীমটোৱে এইবাৰ বিশ্বকাপত আফগানসকলক ফূৰ্তি-তামচা কৰাৰ এক নতুন উৎসাহ প্ৰদান কৰিলে। সুদীৰ্ঘ সময় ধৰি সন্ত্ৰাসত বিধ্বস্ত দেশখনত, প্ৰতিনিয়ত বোমা-বাৰুদৰ আতংকত বাস কৰি সাধাৰণ আফগানসকলে যেন পাহৰি গৈছিল প্ৰাণখুলি হাঁহিবলৈ, নাচি-বাগি আনন্দ কৰিবলৈ। সেই আফগানসকলকে নতুন উৎসাহ প্ৰদান কৰিলে আফগানিস্তান ক্ৰিকেট টীমটোৱে– প্ৰথমে ইংলেণ্ডক হৰুৱাই, তাৰ পিছত কালি ৰাজনৈতিকভাৱে চিৰবৈৰী পাকিস্তানক শোচনীয় পৰজায়ৰ মুখ দেখুওৱায়।

Category