পত্নীয়ে ৰান্ধিব নাজানাৰ বাবে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত স্বামীৰ! কি ৰায় দিলে আদালতে?....

divorce

এলানি মান অভিযোগ লৈ পত্নীৰ বিৰুদ্ধে বিবাহ বিচ্ছেদৰ গোচৰ এজন লোকৰ। "পত্নীয়ে ৰান্ধিব নাজানে, খোৱা-বোৱাত ভীষণ কষ্ট হয় তেওঁৰ। পাচলি কটা, বাচন ধোৱা একো কামেই নাজানে পত্নীয়ে। পুৱা শুই উঠাৰে পৰা নিশা বিচনাত যোৱা লৈকে ঘৰৰ সকলো কাম তেওঁ কৰিব লাগে। তাৰমাজতে অফিচৰো কাম, এনেকৈ আৰু নোৱাৰা হৈছো। গতিকে তেওঁক মুক্তি লাগে। পত্নীৰ পৰা মুক্তি লাগে।”- এই গোচৰ ভিত্তিতেই কেৰালা উচ্চ ন্যায়ালয়ত বিবাহ বিচ্ছেদৰ আবেদন কৰে লোকজনে। 

ইমানেই নহয়, পত্নীৰ বিৰুদ্ধে জঘন্য ব্যৱহাৰৰ অভিযোগ স্বামীৰ। আনকি আলহী অতিথিৰ সন্মূখতো অশ্লীল ভাষাৰে গালি গালাজ কৰাৰ অভিযোগ পত্নীৰ বিৰুদ্ধে। এদিন পত্নীয়ে মুখত থুৱাই দিয়াৰো অভিযোগ আনিলে স্বামীয়ে। লগতে কথাই প্ৰতি শাহুৱেকৰ সৈতেও পত্নীয়ে কাজিয়া কৰাৰ অভিযোগ। ঘৰততো বাদেই, অফিচলৈ গৈয়ো পত্নীয়ে ৰণচালি ধৰাৰ অভিযোগ স্বামীৰ। তাৰপাছতে বিবাহ বিচ্ছেদৰ সিন্ধান্ত চূড়ান্ত কৰা বুলি আদালতক জনালে কেৰালাৰ লোকজনে।

উল্লেখ্য যে, ২০১২ বৰ্ষৰ ৭ মে’ত সংসাৰৰ পাতনি মেলিছিল দুয়ো। পৰিয়ালৰ সন্মতিত বিয়া হৈ স্বামীৰ সৈতে কৰ্মস্থলী আবু ধাবিলৈ গৈছিল পত্নী। বিদেশত সংসাৰ আৰম্ভ কৰাৰ এবছৰৰ ভিতৰতে আউল লাগিল দুয়োৰে মাজত। গালি গালাজ, কাজিয়া পেচাল নকৰাকৈ এদিনো কটাব নোৱৰা হ’ল দুয়ো।  ১১ বছৰে একেটা ঘৰতে বেলেগে থকাৰ পাছতো মিল নোহোৱাত হতাশ হৈ পৰিল স্বামী। অৱশেষত কেৰেলা উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ বাহিৰে গত্যন্তৰ নাথাকিল স্বামীৰ।

পোনচাটেই আদালতে খাৰিজ কৰি দিলে স্বামীৰ অভিযোগ। ৰান্ধিব নজনাতো কোনো নিষ্ঠুৰ অপৰাধ নহয় বুলি ৰায় দিলে কেৰালা উচ্চ ন্যায়ালয়ৰ দুজনীয়া খণ্ড বিচাৰপীঠে। ৰান্ধিব নজনাৰ বাবে বিবাহ বিচ্ছেদৰ ৰায় দিব নোৱাৰে বুলি স্পষ্টভাৱে জনাই দিলে আদালতে। 

আনহাতে, স্বামীৰ সম্পূৰ্ণ বিপৰীত ভাষ্য পত্নীৰ। আদালতত স্বামীৰ মানসিক সুস্থিৰতাক লৈ প্ৰশ্ন তুলিলে পত্নীয়ে। বিয়াৰ পাছৰে পৰা মানসিক ৰোগৰ চিকিৎসকে দিয়া দৰৱ খাবলৈ বাদ দিয়াৰ বাবে দিনে দিনে স্বামীৰ মানসিক স্বাস্থ্য বেয়াৰ ফাললৈ ঢাল খোৱা বুলি আদালতক জনালে পত্নীয়ে। 

আনকি অনিচ্ছাকৃতভাৱেও স্বামীৰ যৌন বিকৃতি থকাৰ কথা আদালতক জনালে পত্নীয়ে। অফিচ বছক স্বামীৰ বিৰুদ্ধে দৰ্খাস্ত লিখাৰ অভিযোগৰ উত্তৰত বিপৰীত ভাষ্য দিলে পত্নীয়ে। স্বামীৰ মানসিক ৰোগ নিৰাময় কৰিবলৈহে অফিচ বছৰ সৈতে আলোচনা কৰিছিল মহিলাগৰাকীয়ে। 

লগতে, বিচাৰপতি আনিল কে নৰেন্দ্ৰন আৰু বিচাৰপতি তমাছৰ দুজনীয়া খণ্ড বিচাৰপিঠে বিবাহ বিচ্চেদৰ পৰিবৰ্তে সংসাৰ চলাই যোৱাৰ পৰামৰ্শ দিলে স্বামী স্ত্ৰীক। কেৰালা উচ্চ ন্যায়ালয়ৰ এই ৰায় এতিয়া চৰ্চিত হৈছে সংসাৰত জ্বলাকলা খোৱাসকলৰ মাজত।
 

Category
Profile picture for user UB Photos