নৱৰাত্ৰি আৰম্ভ হোৱাৰ পূৰ্বে ঘৰৰ পৰা আতৰ কৰক এই কেইবিধ সামগ্ৰী? কিয়নো এই সামগ্ৰী সমূহে ৰুষ্ট কৰে দেৱী দুৰ্গাক........

durga

আহিন মাহৰ শুক্লপক্ষৰ প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হ'ব শাৰদীয় নৱৰাত্ৰী। চলিত বৰ্ষৰ ১৫ অক্টোবৰৰ পৰা নৱৰাত্ৰীৰ আৰম্ভ হ'ব আৰু অন্ত পৰিব ২৪ অক্টোবৰত। নৱৰাত্ৰীৰ ৯ দিনত দেৱী দুৰ্গাৰ ৯ ৰূপৰ উপাসনা কৰা হয়।

লোক বিশ্বাস অনুসৰি, এই সময়চোৱাত স্বৰ্গৰ পৰা মৰ্ত্যলোকলৈ আগমন হয় মা দুৰ্গাৰ। দেৱীক সন্তুষ্ট কৰিবলৈ এই ৯ দিন ভক্ত প্ৰাণ ৰাইজে ভক্তিসহকাৰে পূজা কৰে।

দুৰ্গা পূজা আৰম্ভ হোৱাৰ আগতে ঘৰৰ পৰা কেইবিধ মান সামগ্ৰী আতঁৰ কৰাটো জৰুৰী, কিয়নো এই সামগ্ৰী সমূহে ঘৰলৈ নিগেটিভ এনাৰ্জী আকৰ্ষণ কৰে। ইয়াৰ দ্বাৰা ৰুষ্ট হৈ পৰে দেৱী দুৰ্গা। দেৱী ৰুষ্ট হোৱাৰ ফলত নানান বিপদ আহিব পাৰে আপোনাৰ জীৱনলৈ। গতিকে জানো আহক কি কি বস্তু আতৰ কৰিব লাগে?

ভঙা মূৰ্তি -

god

ধৰ্মীয় বিশ্বাস অনুসৰি কোনো দেৱতাৰ ভঙা মূৰ্তি ঘৰত ৰাখিব নালাগে। ঘৰত থকা মূৰ্তি ভাঙি গলে লগে লগেই ঘৰৰ পৰা আতৰ কৰাটো দৰকাৰ। কোৱা হয় " ভঙা মূৰ্তি ঘৰত ৰাখিলে দুশ্চিন্তা বৃদ্ধি পায়।"

নিপিন্ধা জোতা -

shoes

ব্যৱহাৰ নকৰা জোতা ঘৰত ৰাখিব নালাগে। এনেকৈ অব্যৱহৃত সামগ্ৰী ঘৰত ৰাখিলে নিগেটিভ এনাৰ্জী তৈয়াৰ হয়। এই নিগেটিভ এনাৰ্জীয়ে আমাৰ জীৱনলৈ দুৰ্ভাগ্য কঢ়িয়াই আনে। সেয়ে ঘৰত অব্যৱহৃত সামগ্ৰী থাকিলে আতৰ কৰিব লাগে।

পিঁয়াজ-নহৰু -

onion

নৱৰাত্ৰি চলি থকা সময়ত পিঁয়াজ-নহৰু বা কোনো আমিষ খাদ্য খাব নালাগে। এই সময়ত সম্পূৰ্ণ সাত্ত্বিক আহাৰ গ্ৰহণ কৰিব লাগে। সেয়েহে পিঁয়াজ-নহৰুৰ লগতে আমিষ আহাৰো পৰিহাৰ কৰক।

বন্ধ ঘড়ী -

watch

আপোনাৰ ঘৰত বন্ধ ঘড়ী আছে নেকি? যদি হে আছে, তেন্তে আজিয়ে সেই ঘড়ী আঁতৰাই দিয়ক। ভুলতো বন্ধ ঘড়ী ঘৰত ৰাখিব নালাগে। নৱৰাত্ৰী আৰম্ভ হোৱাৰ পূৰ্বে এই কাম সমূহ কৰক নহলে দেৱী ৰুষ্ট হব।

Category
Profile picture for user UB Photos