উভতাই অনা হ'ল ছিকিমৰ ডাৱৰ বিস্ফোৰণৰ ফলত আৱদ্ধ অসমৰ প্ৰায় ১২৪ গৰাকী ছাত্ৰ-ছাত্ৰীক....

sikim

যোৱা ৩ অক্টোবৰৰ নিশা ছিকিমত হঠাতে হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত অসমৰ প্ৰায় ১২৪ গৰাকী ছাত্ৰ-ছাত্ৰী আৱদ্ধ হৈ পৰিছিল। দেওবাৰে নিশা অসম চৰকাৰৰ তৎপৰাত উভাতাই অনা হৈছে ছিকিমত অধ্যয়নৰত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ শিক্ষাৰ্থীসকলক। সোমবাৰে পুৱাৰ ভাগতে গুৱাহাটীস্থিত ৰেডিছন ব্লু হোটেলত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকল। গুৱাহাটীত উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনায় শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

sikkim

খবৰ অনুসৰি, ছিকিমত আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীসকলক গুৱাহাটীলৈ ঘূৰাই অনাৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৬খন বাছ মোতায়ন কৰা হয়। দেওবাৰে নিশা প্ৰায় ১২ বজাত সকলোৱে অসমত প্ৰৱেশ কৰে। ইয়াৰ পিছত গোসাঁইগাঁও মহকুমা প্ৰশাসনৰ তৎপৰতাত শিক্ষাৰ্থীসকলক গোসাঁইগাঁৱত নৈশ আহাৰৰ যোগান ধৰা হয়। নৈশ আহাৰ গ্ৰহণ কৰি জিৰণি লোৱাৰ পিছত তেওঁলোকক গুৱাহাটী লৈ অনা হয়। অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে ছিকিমৰ মণিপাল বিশ্ববিদ্যালয়ত অধ্যয়নৰত্ব বুলি জানিব পৰা গৈছে।

sikkim

উল্লেখ্য যে, যোৱা ৬ অক্টোবৰত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই উল্লেখ কৰিছিল যে ছিকিমত আবদ্ধ হৈ থকা ৰাজ্যখনৰ ছাত্র-ছাত্রীসকলক উভতাই অনা প্রক্রিয়া চোৱাচিতা কৰিবলৈ দুজন জ্যেষ্ঠ বিষয়াক প্রেৰণ কৰা হৈছিল৷ মুখ্যমন্ত্ৰী শৰ্মাৰ মতে, ছিকিমৰ ৰংপো আৰু মাজিতাৰ অঞ্চলত মুঠ ১৬০ গৰাকী ছাত্ৰ-ছাত্ৰী আৱদ্ধ হৈ আছে।


 

Category