আগন্তুক ৯ অক্টোবৰলৈ ৰাজ্যত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা! বহুকেইখন জিলাত ৰেড এলাৰ্ট জাৰি IMDৰ? জানো আহক সবিশেষ......

rain

বিগত কেইবাদিনো ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত নেৰানেপেৰা বৰষুণৰ। গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠায়ে ঠায়ে  কৃত্ৰিম বানত ডুব গৈছে ৰাস্তা-ঘাট, বাট-পথ আদি। আজি পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ বহুকেইখন জিলাত ৰেড এলাৰ্ট, অৰেঞ্জ আৰু ইয়েল’ এলাৰ্ট জাৰি কৰিছে। 

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা দুদিনলৈ অসমত প্ৰৱল বৰষুণ, ধুমুহা বতাহ আৰু বজ্ৰপাতৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান অনুসৰি, আজিৰে পৰা অহা ৯ অক্টোবৰলৈ অসমৰ বিভিন্ন স্থানত নেৰানেপেৰা বৰষুণ হ’ব পাৰে। আজি গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত মুষলধাৰ বৰষুণ বা বজ্ৰপাতৰ সৈতে আকাশ ডাৱৰীয়া থাকিব। 

IMD গুৱাহাটীৰ ৱেবচাইটৰ পৰা পোৱা তথ্য অনুসৰি আজি কোকৰাঝাৰ, চিৰাং, বঙাইগাওঁ, ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাছাৰ জিলাত অত্যধিক বৰষুণৰ আশংকাৰে ৰেড এলাৰ্ট জাৰি কৰা হৈছে।

আনহাতে, গোৱালপাৰা, বৰপেটা আৰু বাক্সাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে IMDএ । ইয়াৰোপৰি, নলবাৰী, কাপৰূপ (গ্ৰাম্য), কামৰূপ(নগৰ), দৰং, পশ্চিম কাৰ্বি আংলং, হোজাই, ডিমা হাচাও,কৰিমগঞ্জ, লখিমপুৰ আৰু ডিব্ৰুগড়ৰ বাবে IMDএ ইয়েল’ এলাৰ্ট জাৰি কৰিছে।

অৱশ্যে, নগাওঁ, কাৰ্বি আংলং, বিশ্বনাথ, যোৰহাট, শিৱসাগৰ, চৰাইদেউ মাজুলি, গোলাঘাট, শোণিতপুৰ, ওদালগুৰি, মৰিগাওঁ, হোজাই, কাছাৰ আৰু হাইলাকান্দিত বতৰ অনুকূল থাকিব। বতৰ বিজ্ঞানে এই জিলাসমূহক এলাৰ্ট দিছে।

Category
Profile picture for user UB Photos