এক অবিশ্বাস্য ঘটনা! চিকিৎসকে মৃত বুলি ঘোষণা কৰা এটি কেচুঁৱা সৎকাৰৰ পূৰ্বে উঠিল জী.....

baby

কথাতে আছে ৰাখে হৰি মাৰে কোনে! চিকিৎসকে মৃত বুলি ঘোষা কৰা এটি নৱজাত শিশুক সৎকাৰ কৰিবলৈ লোৱাৰ পূৰ্বে হঠাৎ জী উঠে। এই অজাৱ ঘটনাটো সংঘটিত হৈছে কাছাৰ জিলাৰ শিলচৰ চহৰত।

নৱজাত শিশুটিৰ পিতৃয়ে দিয়া ভাষ্য অনুসৰি, শিলচৰ চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসকে তেওঁৰ পত্নীয়ে মৃত সন্তান জন্ম দিয়া বুলি তেওঁলোকক জনাইছিল। শিশুটি মৃত বুলি ঘোষণা কৰাৰ লগতে বুধবাৰে পুৱা শিশুটিৰ মৃত্যুৰ প্ৰমাণ পত্ৰ অভিভাৱকক প্ৰেৰণ কৰিছিল।

baby

আনহাতে, শিশুটিৰ পিতৃৰ ভাষ্য অনুসৰি শিলচৰ চহৰৰ এখন শ্মশানত শিশুটিক সৎকাৰৰ বাবে নিয়াৰ পাছতে শিশুটি কান্দি থকা প্ৰত্যক্ষ কৰি ততাতয়াকৈ নৱজাত শিশুটিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইতিমধ্যে, নৱজাত শিশুটোক মৃত বুলি ঘোষণা কৰা ব্যক্তিগত চিকিৎসালয়খনৰ লগতে চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালৰ সদস্যসকলে। চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ মতে, কেচুঁৱাটোক ৮ ঘন্টা ধৰি পৰ্যবেক্ষণ কৰাৰ পিছত মৃত বুলি ঘোষণা কৰা হৈছিল।

Category
Profile picture for user UB Photos