ডাৱৰ বিস্ফোৰণ! ছিকিমত বানৰ সংহাৰীৰূপ, সন্ধানহীন ২৩ গৰাকীকৈ সেনা জোৱান.....

sikkim

হঠাৎ ছিকিমত ভয়াৱহ ডাৱৰ বিস্ফোৰণ। বানে সংহাৰী ৰূপ ধাৰণ কৰিছে উত্তৰ ছিকিমত। ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বানে বুৰাই পেলালে ভাৰতীয় সেনা বাহিনীৰ এখন বাহন। বৰ্তমানলৈকে সন্ধানহীন হৈ আছে ২৩গৰাকী সেনা জোৱান।

sikkim

 

sikkim

উত্তৰ ছিকিমত হোৱা ধাৰষাৰ বৰষুণৰ ফলত অস্বাভাৱিক হাৰত বৃদ্ধি তিষ্টা নদীৰ জলস্তৰ।  যাৰ ফলত হঠাতে তিষ্টা নদীত থকা  ছুংথাম বান্ধে পানী এৰি দিয়ে। বান্ধৰ পানী এৰি দিয়াৰ পাছতে তিষ্টা নদীৰ নামনি অংশত সৃষ্টি হয় ভয়ংকৰ বানৰ। তিষ্টা নদীৰ নামনি অঞ্চলত ১৫-২০ ফুট পৰ্যন্ত জলপৃষ্ঠ বৃদ্ধি পালে আৰু এই বানে দুখনকৈ দলং উটুৱাই নিয়ে। পূব ছিকিমৰ ছিংটামক সংযোগী আইকনিক ইন্দ্ৰেণী দলঙো বানে উটুৱাই নিলে।

sikkim

আনহাতে, তিষ্টা নগীৰ নামনিৰ বাৰদাং অঞ্চলত ৰখাই থোৱা এখন সেনাৰ বাহন বানে বুৰাই পেলাইছে। বাহনখনত থকা  ২৩জনকৈ জোৱান এতিয়াও সন্ধানহীন হৈ আছে। ইতিমধ্যে তিষ্টা নদীৰ বোকা পানীৰে বুৰাই পেলোৱা ডিকচু, চিংটানম, ৰংপো অঞ্চলৰ বাসিন্দাসকলক প্ৰশাসনে সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিছে।

Category