কোভিডতকৈও ভয়াৱহ! কোভিডৰ পিছতে নিপাহ ভাইৰাছে শংকিত কৰি তুলিছে দেশবাসীক, বৰ্তমানলৈ মৃত্যুৰ হাৰ ৪০-৭০ শতাংশ......

nipah

কৰ'ণা ভাইৰাছৰ পিছতে নিপাহ ভাইৰাছৰ সংক্ৰমণে শংকিত কৰি তুলিছে দেশবাসীক। কেৰালাত এতিয়া নিপাহ ভাইৰাছৰ সংক্ৰমণে ত্ৰাসৰ সৃষ্টি কৰিছে। কৰ'ণাতকৈ অধিক বিপদজনক নিপাহ ভাইৰাছৰ ফলত বৰ্তমানলৈ ২ গৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে।

nipah

উল্লেখ্য যে, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (ICMR) নিপাহ ভাইৰাছ সংক্ৰমণ কৰ'ণাতকৈ অধিক বিপদজনক বুলি কৈছে। কোভিডৰ মৃত্যুৰ বাৰ ২-৩ শতাংশৰ তুলনাত নিপাহ ভাইৰাছ সংক্ৰমণত মৃত্যুৰ হাৰ ৪০-৭০ শতাংশ। গতিকে নিপাহ ভাইৰাছৰ ফলত হোৱা মৃত্যুৰ হাৰ কৰোনা ভাইৰাছৰ ফলত হোৱা মৃত্যুৰ হাৰতকৈ বহুগুণ বেছি।

nipah

আনহাতে, বৰ্তমান কেৰালাত নিপাহ ভাইৰাছৰ ৬টা ঘটনা পোহৰলৈ আহিছে। ইয়াৰে ২ জন লোকৰ মৃত্যুৰ পিছতেই অহা ২৪ ছেপ্টেম্বৰলৈকে ৰাজ্যখনৰ কোজিকোড জিলাৰ সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।

উল্লেখ্য যে, কোভিডৰ গৰেই সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শলৈ আহিলে বা সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শলৈ অহা লোকক লগ পালে নিপাহ ভাইৰাছ বিয়পিব পাৰে। ইয়াক পৰিহাৰ কৰিবলৈ অন্য লোকৰ সৈতে দূৰত্ব বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ। 

nipah

এই নিপাহ ভাইৰাছটো সংক্ৰমিত ফল, বাদুলি আৰু গাহৰিৰ দৰে অন্যান্য প্ৰাণীৰ জৰিয়তে মানুহলৈ বিয়পিব পাৰে। সংক্ৰমিত জন্তুৰ লেলাৱতি বা প্ৰস্ৰাৱৰ সংস্পৰ্শলৈ আহিলে লোক সংক্ৰমিত হ’ব পাৰে। এবাৰ ই মানুহৰ দেহলৈ বিয়পি পৰিলে, ৰোগটো সেই সংক্ৰমিত ব্যক্তিৰ পৰা আন লোকলৈ বিয়পিব পাৰে।

উল্লেখ্য যে, কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে দিয়া তথ্য অনুসৰি কেৰালাত নিপাহ ভাইৰাছ ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰ তালিকা ১,০৮০ গৰাকীলৈ বৃদ্ধি হৈছে। ইয়াৰ ভিতৰত ৩২৭ গৰাকী স্বাস্থ্যসেৱা কৰ্মীও আছে বুলি জানিব পৰা গৈছে।

Category
Profile picture for user UB Photos