বিশ্বকৰ্মা পূজাৰ পিছতে ভাগ্য উদয় হ'ব এই ৩ ৰাশিৰ জাতক-জাতিকাৰ! কাৰণ ৪ দিন পাছতেই কন্যা ৰাশিত মিলিত হ'ব সূৰ্য আৰু মঙ্গল..........

jyotish

বৈদিক জ্যোতিষ অনুসৰি প্ৰতিটো গ্ৰহে নিৰ্দিষ্ট সময়ৰ অন্তৰালত নিজৰ স্থান সলনি কৰে। গ্ৰহৰ এই স্থান পৰিবৰ্তনৰ কাৰণে বিভিন্ন ৰাশিত কেতিয়াবা শুভ প্রভাৱ পৰে, আৰু কেতিয়াবা অশুভ প্রভাৱ পৰে। 

উল্লেখ্য যে, ১৭ ছেপ্টেম্বৰ দেওবাৰে কন্যা ৰাশিত মিলিত হ'ব সূৰ্য আৰু মঙ্গল। বৈদিক জ্যোতিষ অনুসৰি প্ৰতিটো গ্ৰহ নিৰ্দিষ্ট সময়ৰ অন্তৰালত নিজৰ স্থান পৰিবৰ্তন কৰে। 

এইবাৰৰ গ্ৰহৰ পৰিবৰ্তনত কি কি ৰাশিৰ ওপৰত প্ৰভাৱ পৰিব?

সিংহ ৰাশি -

সিংহ ৰাশিৰ কোষ্ঠীত দ্বিতীয় ঘৰত মিলিত হ'ব সূৰ্য আৰু মঙল। ইয়াৰ প্ৰভাৱত হাতত নগদ অর্থ আহিব। ইয়াৰোপৰি দীৰ্ঘদিন ধৰি মনত পুঁহি ৰখা ইচ্ছা পূৰণ হ'ব। ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব সিংহ ৰাশিৰ জাতকৰ। এই সময়ত আপোনাৰ সকলো কথাতেই মুগ্ধ হ'ব। বিদেশত ব্যৱসায় সম্প্ৰসাৰণৰ যোগ।

মকৰ ৰাশি -

মকৰ ৰাশিৰ কোষ্ঠীত নৱম ঘৰত মিলিত হ'ব সূৰ্য আৰু মঙল। ইয়াৰ ফলত ভাগ্যৰ সম্পূৰ্ণ লগ দিব। মনৰ ইচ্ছা পূৰণ হ'ব। ছাত্ৰ- ছাত্ৰীৰ বাবেও এই সময় খুবেই ভাল। আর্থিকভাৱে লাভৱান হ'ব মকৰ ৰাশিৰ জাতকসকল। এই সময়ত ভ্ৰমণৰো যোগ আছে।

বৃশ্চিক ৰাশি -

বৃশ্চিক ৰাশিৰ কোষ্ঠীৰ একাদশ ঘৰত সূৰ্যৰ সৈতে মিলিত হ'ব মঙল। ইয়াৰ ফলত বৃশ্চিকৰ জাতকসকলে আর্থিকভাৱে লাভাম্বিত হ'ব। অৰ্থ আহিব লগা কামৰ সন্ধান পাব। ব্যৱসায় বাঢ়িব পাৰে৷ পুৰণা বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পাব। সন্তানৰ ক্ষেত্ৰতো শুভ।

Category