সোমবাৰে আপুনিও ব্ৰত ৰাখে নেকি? যদি ৰাখে তেন্তে এই কেইটা ভুল কেতিয়াও নকৰিব..........

shiv

হিন্দু শাস্ত্ৰ অনুসৰি সপ্তাহৰ প্ৰতিটো দিন বেলেগ বেলেগ ভগৱানৰ নামত উচৰ্গা কৰা হৈছে। হিন্দু ধৰ্মৰ প্ৰায়ভাগ লোকে সোমবাৰৰ দিনটোত শিৱৰ ব্ৰত ৰাখে। ঠিক তেনেদৰে বেলেগ বেলেগ দিনত বেলেগ বেলেগ দেৱতাৰ নামত ব্ৰত ৰাখি উপবাসে থাকি ভগৱানক সন্তুষ্ট কৰিব পাৰে বুলি লোক বিশ্বাস আছে। 

হিন্দু ধৰ্মত ভগৱানক সন্তুষ্ট কৰিবলৈ উপবাসে থকাটো সকলোতকৈ ভাল উপায় বুলি গণ্য কৰা হয়। বিভিন্ন তথ্য অনুসৰি ভাৰতবৰ্ষত সোমবাৰৰ দিনটোত ব্ৰত ৰখা লোকৰ সংখ্যাই অধিক। 

shiv

আজি আমি আপোনালোকক জনাম সোমবাৰৰ দিনটোত পালন কৰিব লগীয়া কিছু নীতি-নিয়মৰ বিষয়ে -

১. সোমবাৰৰ দিনা ব্ৰতৰ সময়ছোৱাত ফলাহাৰ গ্ৰহণ কৰোঁতে অজানিতে নিমখৰ ব্যৱহাৰ হয়। কিন্তু ব্ৰতত থকা সময়খিনিত আৰু দিনটোত আপুনি ভুলতো নিমখ খাব নালাগে। যদি আপুনি সেই দিনটোত সন্ধিয়া এবাৰ খাদা খায় সেই খাদ্যও নিমখবিহীন হ'ব লাগে। যদি নিমখৰ আপোনাৰ অত্যন্ত প্রয়োজন হয়। তেতিয়া আপুনি সন্ধ্যা নিমখৰ ব্যৱহাৰ কৰিব পাৰে কিন্তু নিমখ আপুনি ভুলতো ব্যৱহাৰ নকৰিব।

২. সোমবাৰৰ দিনটোত ব্ৰহ্মচাৰী ধৰ্ম পালন কৰিব লাগে। যদি আপুনি বিবাহিতও হয় তেতিয়াও ভুলতো আপুনি সোমবাৰৰ দিনটোত সম্পৰ্ক কৰিব নালাগে নহলে আপুনি ৰখা উপবাস অথলে যায়। অন্যথা শিৱৰ প্ৰকোপ সহ্য কৰিব লগা হয়। কিয়নো যি কোনো ব্ৰত ৰখাৰ সময়ত ব্ৰহ্মচাৰী ধৰ্ম পালন কৰাতোঁ বহুত অনিবাৰ্য বুলি ধৰা হয়।

৩. কোনো জ্যেষ্ঠজনক অপমান কৰিব নালাগে। ঘৰৰ প্ৰতিজন জ্যেষ্ঠ ব্যক্তিৰ লগতে যদি আপুনি অফিচলৈ যায় তেতিয়া আপোনাৰ জ্যেষ্ঠ সহকৰ্মীসকলক সেই দিনা অপমান কৰিব নালাগে, লাগিলে কিবা কথাত তেওঁলোকে আপোনাক টানকৈয়ে কওক কিন্তু আপুনি ব্ৰতত থকা সময়খিনিত আপোনাৰ জীৱনত লগত পোৱা আপোনাতকৈ জ্যেষ্ঠজনক অপমান কৰিব নালাগে।

৪. সোমবাৰৰ দিনা কোনো ধৰণৰ হিংসামূলক কাম আপুনি নকৰিব। সোমবাৰৰ দিনা যিকোনো জীৱ-জন্তুক বধ কৰা আদি কাম কৰিব নালাগে। সোমবাৰৰ দিনা কোনো জীবক বধ কৰি ভক্ষণ কৰিব নালাগে সোমবাৰৰ দিনা আমিষ খাব নালাগে।

৫. সোমবাৰৰ দিনা আপুনি কাৰো প্ৰতি অপশব্দ প্রয়োগ কৰিব নালাগে। সেইদিনা কাকো অন্তৰত আঘাত পোৱাকৈ কোনো কথা ক'ব নালাগে। এনে কৰিলে ভগৱান শিৱৰ প্রকোপ আপুনি সহ্য কৰিব লগা হ'ব পাৰে।

৬. উপবাসৰ দিনা শিৱক দুবাৰকৈ আৰাধনা কৰিব লাগে। যদি নোৱাৰে তেতিয়া সন্ধিয়া সময়খিনিত শিৱৰ আৰাধনা কৰিব লাগে আৰু শিৱলৈ ধূপ-চাকি নৈবেদ্য আগবঢ়াব লাগে। উপবাসৰ দিনা শিৱলিংগত অলপ জল ঢালিব লাগে আৰু কেঁচা গাখীৰ আৰু পঞ্চামৃত দি অভিষেক কৰিব লাগে। লগতে সোমবাৰৰ দিনা শিৱ মন্দিৰলৈ গৈ এটা নাৰিকল শিৱৰ চৰণত উচৰ্গা কৰক।

৭. কিছুমান মানুহৰ মিছা কথা কোৱা আৰু নিন্দা কৰাৰ অভ্যাস থাকে এইসমূহ পৰিহাৰ কৰক অন্যথা ভগৱান শিৱৰ প্ৰকোপ আপোনাৰ ওপৰত পৰিব পাৰে।

Category