পুৱাই ভয়ংকৰ ভূমিকম্পই জোকাৰি গ'ল আফ্ৰিকাৰ মৰক্কোত। দেশখনৰ মৰাকেশৰ দক্ষিণ-পশ্চিম অঞ্চলত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ৰিখটাৰ স্কেলত ভূমিকম্পৰ তীব্ৰতা আছিল প্ৰায় ৬.৮। এই ভয়ংকৰ ভূমিকম্পৰ ফলত ৬৩২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩৩০ জন লোক আহত হৈছে বুলি জানিব পৰা গৈছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ অনুসৰি এই ভূমিকম্পৰ অভিকেন্দ্ৰ মৰক্কোৰ মৰাকেশ চহৰৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ নিলগত। ভূমিকম্পৰ প্ৰাবল্য ইমানেই আছিল যে এইৰ কম্পন্ন মৰাকেশৰ পৰা প্ৰায় ৩৫০ কিলোমিটাৰ দূৰত্বৰ ৰাজধানী ৰবাটতো অনুভূত হয়।
এই ভয়ংকৰ ভূমিকম্পৰ ফলত দেশখনত বৃহ ক্ষয়-ক্ষতি হোৱাৰ খবৰ পোৱা গৈছে। মৰক্কোৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি এয়া দেশখনৰ বৰ্তমানলৈ সংঘটিত হোৱা আটাইতকৈ ডাঙৰ ভূমিকম্প। নিহত তথা আহতৰ সংখ্যাই বুকু কঁপাই তুলিছে জনসাধাৰণৰ। নিহতৰ সংখ্যা আকৌ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। বৰ্তমানো উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
- Log in to post comments