চাঞ্চল্যকৰ! ড্ৰাগছ সৰবৰাহকাৰীক ধৰিবলৈ গৈ আক্ৰমণৰ বলি আৰক্ষীৰ দল............

Police

লক্ষিমপুৰত আৰক্ষীক আক্ৰমণৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বঙালমৰাৰ ২ নং আহমেদপুৰৰ দলনিৰপাৰত এই ঘটনা। ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিব গৈ আক্ৰমণৰ বলি হয় অভিযান চলোৱা আৰক্ষীৰ দলটো।

police

উল্লেখ্য যে,  ধৃত ড্ৰাগছ পেডলাৰক লগত লৈ অভিযান চলাইছিল আৰক্ষীৰ দলটোৱে। জানিব পৰা মতে আৰক্ষী জোৱানক কামুৰি আহত কৰে আক্ৰমণকাৰীৰ দলে। আৰক্ষীৰ দলটো অসামৰিক পোচাকত আছিল।

police

ড্ৰাগছ পেডলাৰ ছাদ্দাম হুছেইনক কৰায়ত্ত কৰাৰ পিছতেই আৰক্ষীৰ ওপৰত জপিয়াই পৰে ছাদ্দাম ওৰফে বেলায়তৰ পৰিয়ালৰ লোক। আক্ৰমণ কৰি মোকলাই নিয়ে পেডলাৰ ছাদ্দাম হুছেইনক।

police

ইফালে আক্ৰমণৰ সময়ত  পেডলাৰ ছাদ্দামৰ গৰ্ভৱতী পত্নী ৱাহিদা বেগম গুৰুতৰভাৱে আহত হয়। আক্ৰমণকাৰী আৰু পেডলাৰ ছাদ্দাম হুছেইনক বিচাৰি পুৱতি নিশা SP আনন্দ মিশ্ৰৰ বৃহৎ অভিযান। বৃহৎ আৰক্ষীৰ দল লৈ ঘটনাস্থলী দলনিৰপাৰৰ পৰা আটক অৰ্ধ শতাধিক লোকক। আটকাধীন লোক সকলক বঙালমৰা, বিহপুৰীয়া,ধলপুৰ, নাওবৈচা,লালুক থানাত পৃথকে পৃথকে ৰাখিছে।

Category
Profile picture for user UB Photos