গৰমৰ বাবে মৃত্যু এজনৰ! বাৰে বাৰে ১০৮ত ফোন কৰিও নাপালে এম্বুলেঞ্চ সেৱা....

grm

এইবাৰ ভদীয়া বানৰ সলনি, ভদীয়া গৰমে দহিছে সমগ্ৰ ৰাজ্যবাসীক। উৎকট গৰমে প্ৰাণ কাঢ়িলে এজন লোকৰ।

উল্লেখ্য যে, নগাঁৱত প্ৰচণ্ড গৰমত এজন লোকৰ মৃত্যু। নগাঁৱৰ উৰিয়াগাঁও বাইপাছ চ’কত সংঘটিত হৈছে এই ঘটনাটো। 

grm

জানিব পৰা মতে, চিৰাজুল হক নামৰ এজন লোক প্ৰচণ্ড গৰমত ঢলি পৰিছিল। বাৰে বাৰে ফোন কৰাৰ পিছতো সময়ত ১০৮ সেৱাৰ এম্বুলেঞ্চ উপস্থিত নোহোৱা বাবেই লোকজনৰ মৃত্যু হোৱাৰ অভিযোগ তুলিছে একাংশ লোকে। 

আনহাতে, চাহপাতৰ ব্যৱসায় কৰিছিল মৃত চিৰাজুল ইছলামে। স্থানীয় লোকে বহুবাৰ খবৰ দিয়াৰ পিছতে নাহিল ১০৮ সেৱাৰ এম্বুলেঞ্চ। মৃত লোকজনৰ ঘৰ চলচলী গৰীয়া গাঁৱত।

Category
Profile picture for user UB Photos