আজি শিক্ষক দিৱস! আজিৰ দিনটোতে ৰাজ্যৰ ৪৩০গৰাকী শিক্ষাগুৰুলৈ মুখ্যমন্ত্ৰীৰ পত্ৰ.....

Teacher's Day

আজি ৫ ছেপ্টেম্বৰ। প্ৰতি বছৰে এই দিনটোত পালন কৰি অহা হৈছে শিক্ষক দিৱস। সমগ্ৰ দেশতে আজিৰ দিনটোত শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে শিক্ষাৰ্থীসকলে। শিক্ষকসকলৰ কষ্ট-ত্যাগক স্বীকৃতি দিয়াৰ সমান্তৰালভাবে প্ৰশংসাৰ বাবে ভাৰতে ১৯৬২ চনৰ পৰাই পালন কৰি আহিছে এই দিৱস।

শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ে বিদ্যালয়ে আয়োজন কৰা হয় বিভিন্ন আকৰ্ষণীয় কাৰ্যসূচী। শিক্ষক দিৱসৰ লগত সংগতি ৰাখি কৃতী শিক্ষক-শিক্ষয়িত্রীক উৎসাহ তথা সন্মানিত কৰাৰ উদ্দেশ্যেৰে অসম চৰকাৰে প্রদান কৰিব বিশেষ বঁটা। বিগত দুই দশকত শিক্ষক বঁটাৰে সন্মানিত কৃতী শিক্ষক-শিক্ষয়িত্রীক মঙলবাৰে পত্ৰ প্ৰেৰণ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, ৰাজ্যৰ ৩৫ জিলাৰ মুঠ ৪৩০ গৰাকী কৃতী শিক্ষকক এই পত্ৰ প্ৰদান কৰা হ'ব। উল্লেখ্য যে, ৰাষ্ট্ৰীয় শিক্ষক বঁটাপ্ৰাপক ৫ গৰাকী, প্রাথমিক শিক্ষক বঁটাপ্ৰাপক ২৩৪ গৰাকী আৰু মাধ্যমিক শিক্ষক বঁটাপ্রাপক ১৮৯ গৰাকী শিক্ষাগুৰুক মুখ্যমন্ত্রীয়ে এই কৃতজ্ঞতাপত্র প্ৰদান কৰিব। উল্লেখ্য যে, এই সন্মান প্ৰদৰ্শন কৰি চৰকাৰী বিষয়াই মুখ্যমন্ত্ৰীৰ হৈ মঙলবাৰে ঘৰে ঘৰে প্ৰদান কৰিব বঁটা।

Category