দিল্লীত সুৰাপায়ী যুৱকৰ দ্বাৰা নিৰ্যাতিত অসমীয়া মহিলা.....

Women Harassment

শনিবাৰে নিশা নতুন দিল্লীৰ এখন হোটেলত এজন সুৰাপায়ী যুৱকে অসমৰ এগৰাকী মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। 

নিউ ফ্ৰেণ্ডছ কলনীৰ কৰণ পেলেচ গেষ্ট হাউচত থকা অসমৰ মহিলাগৰাকীয়ে নিশা শুবলৈ যোৱাৰ অৱস্থাতে কোনোবাই তেওঁৰ দৰ্জা ন'ক কৰা লক্ষ্য কৰে, তাৰ পাছতে মহিলাগৰাকীয়ে দুৱাৰখন খুলি নিদিয়াত দুৱাৰ ভাঙি তেওঁৰ কোঠাৰ ভিতৰত প্ৰৱেশ কৰে এজন ব্যক্তি। ধৃত ব্যক্তিজন নবীন কুমাৰ সিং বুলি চিনাক্ত কৰিছে ভুক্তভুগি মহিলাগৰাকীয়ে। 

ধৃত নবীন কুমাৰ সিঙে মহিলাগৰাকীক গালি-গালাজ কৰাৰ লগতে শাৰীৰিকভাৱে আক্ৰমণ কৰাৰো অভিযোগ তুলিছে। মহিলাগৰাকীয়ে কোনোমতে লোকজনৰ পৰা পলায়ন কৰি হোটেলখনৰ মালিকক খবৰ দিয়ে।

ইয়াৰ পাছতে হোটেলৰ মালিক জনে আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীক চিকিৎসা পৰীক্ষাৰ বাবে লৈ যায়। ইতিমধ্যেই আৰক্ষীয়ে নবীন কুমাৰ সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Category
Profile picture for user UB Photos