ভয়ংকৰ অগ্নিকাণ্ড! ভাৰত গৌৰৱ ৰে’লত ভয়ংকৰ জুই, ১০জন যাত্ৰীৰ মৃত্যু লগতে আহত ২০জন......

Fire

দেশত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ৰে'ল দুৰ্ঘটনা। শনিবাৰে পুৱা উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পৰা ৰামেশ্বৰমলৈ গৈ থকা ভাৰত গৌৰৱ ৰে’লত সংঘটিত হয় অগ্নিকাণ্ডৰ। এই ঘটনাত কমেও ১০জন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে প্ৰায় ২০ জনকৈ যাত্ৰী।

fire

বাতৰি অনুসৰি, জুই লগা ৰে’লখন আছিল এখন পৰ্যটন ৰে’ল। ৰে’লখন মাদুৰাই ৰে’ল ষ্টেচনৰ পৰা প্ৰায় ১ কিলোমিটাৰ নিলগম ৰৈ যায়। এটা ডবাৰ পৰা আৰম্ভ হোৱা জুই নিমিষতে আন ডবালৈ বিয়পি পৰে। মুহূৰ্তৰ ভিতৰতে হুৱাদুৱা লগাত যাত্ৰীসকল ৰে’লৰ পৰা নামি যায়।

fire

প্ৰাথমিক তদন্তৰ পৰা পোৱা তথ্য অনুসৰি, কোনো ব্যক্তিয়ে ৰে’লৰ ভিতৰত গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত কৰাৰ ফলতে এই ভয়ংকৰ ঘটনা সংঘটিত হয়। মাদুৰাই জিলা কালেক্টৰ এম এছ সংগীতাই কয়, ‘‘আজি পুৱা পৰ্যটক ৰে’লত সংঘটিত অগ্নিকাণ্ডত ১০জন লোকৰ মৃত্যু হোৱাৰ তথ্য নিশ্চিত হৈছে। আন ২০জন আহতক মাদুৰাইৰ ৰাজাজী চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছে।’ অগ্নিনিৰ্বাপক বাহিনী, ৰে’লৱে কৰ্মী, আৰক্ষীয়ে উদ্ধাৰ অভিযান চলাই ডবাৰ পৰা মৃতদেহকেইটা উদ্ধাৰ কৰে।

Category
Profile picture for user UB Photos