শোকত ডুবিল ক্ৰীড়া জগত! প্ৰাক্তন WWE চেম্পিয়ন ব্ৰে ৱায়টৰ “আকস্মিক মৃত্যু”; মাত্ৰ ৩৬ বছৰ বয়সতে মাগিলে চিৰবিদায়.......

www

কম সময়ৰ ভিতৰতে WWE কুস্তি জগতত প্ৰভাৱ পেলোৱা ব্ৰে ৱায়ট তথা দ্য ফীণ্ড নামেৰে ৰেছলিং কৰা ৱিণ্ডহাম ৰোটুণ্ডাৰ মাত্ৰ ৩৬ বছৰ বয়সত মৃত্যু হয়। তেওঁ দীৰ্ঘদিন ধৰি গুৰুতৰ ৰোগত ভুগি আছিল। তেওঁ এই বিষয়ে কাকো অৱগত কৰা নাছিল, কিন্তু হঠাতে ৰিঙৰ পৰা তেওঁৰ দূৰত্বই নিশ্চিতভাৱে অনুৰাগীসকলৰ মনত সন্দেহৰ সৃষ্টি কৰিছিল।

www

ইয়াৰ পিছত তেওঁৰ মৃত্যুৰ বাতৰি পোহৰলৈ আহে যিটো Chief Content Officer ট্ৰিপল এইছে জনালে।

www

 

ট্ৰিপল এইছে টুইট কৰি সকলোকে এই কথা জানিবলৈ দিয়ে যে WWE হল অফ ফেমৰ মাইক ৰোটুণ্ডাই মোক এই দুখৰ খবৰটো দিয়ে যে আমাৰ WWE পৰিয়ালৰ আজীৱন সদস্য ৱিণ্ডহাম ৰোটুণ্ডাৰ হঠাৎ মৃত্যু হয়।

আমি এই দুখৰ সময়ত তেওঁৰ পৰিয়ালৰ সৈতে আছো আৰু সকলোকে এইটো অনুৰোধ কৰা হৈছে যে আমি এনে পৰিস্থিতিত তেওঁলোকৰ গোপনীয়তাক সন্মান কৰোঁ।

www

WWEৰ প্ৰাক্তন হেবীৱেট চেম্পিয়ন ব্ৰে ৱায়টৰ এনেদৰে মৃত্যু হোৱা ঘটনাই সকলোকে আচৰিত কৰি তুলিছে। ব্ৰে ৱায়ট WWEৰ ভয়ংকৰ যুঁজাৰু ভিতৰত এজন আছিল। তেওঁৰ জন্ম আমেৰিকাৰ ফ্লৰিডা চহৰত হৈছিল।

www

মিডিয়া ৰিপৰ্টছ অনুসৰি ব্ৰে ৱায়টৰ হাৰ্ট এটেক আহি আকস্মিক মৃত্যু ঘটে। তেওঁ এইটো বছৰৰ আৰম্ভণিতে ক’ভিড ১৯ৰ চিকাৰো হৈছিল। যাৰ ফলত তেওঁৰ হৃদৰোগ অলপ বেছিকৈ বাঢ়ি গৈছিল।

www

যাৰ ফলত হঠাৎ হাৰ্ট এটেক আহি তেওঁৰ মৃত্যু ঘটে। ২০০৯ত তেওঁ প্ৰথমবাৰ ফ্লৰিডা চেম্পিয়নশ্বিপ ৰেছলিঙত ডেবিউ কৰিছিল। ২০০৯ৰ এপ্ৰিলত তেওঁক প্ৰথমবাৰ টিভিত দেখা পোৱা গৈছিল।

Category
Profile picture for user UB Photos