উৎকট গৰম! পুনৰ আজি উৎকট গৰমে দহিব ৰাজ্যবাসীক.... কিছু কিছু ঠাইত পাতলীয়া বৰষুণ হোৱাৰো সম্ভাৱনা...........

hot

ৰাজ্যবাসীৰ লগতে উৎকট গৰমে দহিছে মহানগৰবাসীক। ৰাজ্যৰ কোনো কোনো ঠাইত আজি অৰ্থাৎ শুকুৰবাৰৰ দিনটোত পাতলীয়াভাৱে বৰষুণ দিয়াৰো সম্ভাৱনা আছে। ইয়াৰ ফলত ৰাজ্যবাসীয়ে গৰমৰ পৰা কিছু সকাহ পাব পাৰে।

উল্লেখ্য যে, গুৱাহাটী মহানগৰীত আজিৰ দিনটোত অত্যধিক ৰ’দ দিব, যাৰ ফলত মহানগৰবাসীয়ে গৰম অনুভৱ কৰিব। অৱশ্যে, দিনটোৰ শেষৰফাললৈ কিছু পৰিমাণে বৰষুণৰ সম্ভাৱনা আছে।

hot

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জেষ্ঠ বতৰ বিজ্ঞানীয়ে আগজাননী সদৰী কৰা অনুসৰি ২৪ ঘণ্টাৰ ভিতৰত অসম, মেঘালয়, নাগালেণ্ডৰ, মণিপুৰ , মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাইত ধাৰাসাৰ বৰষুণ হোৱাৰ লগতে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

১৬ আগষ্টত অসমৰ প্ৰায়বোৰ অঞ্চলতে দিনটোৰ শেষৰ ভাগত ধাৰাসাৰ বৰষুণ হ’ব পাৰে। আগন্তুক ১৯ আগষ্টৰ পৰা ২১ আগষ্টলৈ অসম আৰু মেঘালয় বিভিন্ন স্থানত মজলীয়া বৰষুণৰ লগতে কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণৰ সম্ভৱনা আছে।

Category
Profile picture for user UB Photos