আজিৰ পৰা মাজুলীত চলিব অত্যাধুনিক দুমহলীয়া বাছ । মাজুলীৰ আউনিআটি সত্ৰৰ পৰা প্ৰথম বাৰৰ বাবে এই দুমহলীয়া বাছ প্ৰৱৰ্তন । ঐতিহাসিক সত্ৰখনৰ মূল টোৰণৰ সন্মুখত সম্পূৰ্ণ মাংগলিক নীতি নিয়মৰ মাজেৰে আজি এই দুমহলীয়া বাছৰ শুভাৰম্ভ হয় ।
উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী, গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱগোস্বামী, বৰ এলেঙী সত্ৰৰ সত্ৰাধিকাৰ চন্দন গোস্বামী, আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক, বিধায়ক ভূৱন গামৰ লগতে মাজুলীৰ অন্যান্য বিভাগ সমূহৰ বিষয়া, আউনীআটী সত্ৰৰ ভকত বৈষ্ণৱ, মাজুলী বাসী ৰাইজৰ উপস্থিতিত শুভ উদ্ধোধন কৰে বাছখন।
- Read more about আজিৰ পৰা মাজুলীত চলিব অত্যাধুনিক দুমহলীয়া বাছ
- Log in to post comments