India Fights Covid

দেশত ধুমুহাৰ গতিত বৃদ্ধি পাইছে ক'ৰোনাৰ অমিক্ৰন ভেৰিয়ান্ট।

এনে পৰিস্থিতিত, কোভিডৰ বুষ্টাৰ পালিয়ে দেশখনক কৰোনাৰ ভয়াবহতাৰ পৰা ৰক্ষা কৰিবলৈ এক ঢাল হিচাপে কাম দিব। 

ইতেমধ্য়েই, কোভিড১৯ ভেকছিনৰ বুষ্টাৰ পালি শনিবাৰে আবেলিৰ পৰা CoWIN পৰ্টেলত পঞ্জীয়ন আৰম্ভ হৈছে। বুষ্টাৰ পালি দিয়াৰ কাম ১০ জানুৱাৰী আজিৰ পৰা আৰম্ভ হৈছে।

এই বুষ্টাৰ পালি স্বাস্থ্য কৰ্মী, ফ্ৰণ্টলাইন কৰ্মী আৰু ষাঠি বছৰৰ উৰ্ধৰ লোকক দিয়া হব। উল্লেখ্য় যে যিসমূহ লোকৰ দ্বিতীয় পালি লোৱা ৯ মাহ সম্পূৰ্ণ হৈছে তেওঁলোককহে দিয়া হব এই বুষ্টাৰ পালি।