UPSC Rank holdaers

আজি ঘোষণা কৰা হ'ল UPSC ৰ চূড়ান্ত ফলাফল। UPSCৰ ফলাফলত শীৰ্ষৰ ৪টা স্থানত মহিলা। সৰ্বভাৰতীয় তালিকাৰ শীৰ্ষত ঈশিতা কিশোৰ। দ্বিতীয় স্থানত গৰিমা লহিয়া। তৃতীয় আৰু চতুৰ্থ স্থানত ক্ৰমে উমা হাৰাথি এন আৰু স্মৃতি মিশ্ৰ। উল্লেখ্যে যে অসমৰ সাত জনকৈ সন্তানে UPSC ত স্থান দখল কৰে। তেজপুৰৰ ময়ূৰ হাজৰিকাই দখল কৰে সৰ্বোচ্চ পঞ্চম স্থান। ২৭১ সংখ্যক স্থান দখল কৰিছে  অঞ্জলি ভৰদ্বাজে। ২৯৮ সংখ্যক স্থানত জিলিকিল মহম্মদ ইদুল আহমেদ। ৬১৯ সংখ্যক স্থানত উজ্বলিছে চৈলেমঠাং ভাইফাই। ৬৬৪ স্থানত জিলিকিল ডিমা হাছাওৰ দিক্ষা লাংথাছা। ৮৪৮ স্থান দখল কৰিছে নিবেদিতা দাসে। আৰু ৮৮১ স্থানত উজ্বলিল মানসজ্যোতি দাস।