‘মোদী উপাধি’ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে খাৰিজ কৰা হ’ল ৰাহুল গান্ধীৰ সাংসদ পদ। কেৰালাৰ ৱাইনাদ সমষ্টিৰ সাংসদ আছিল ৰাহুল গান্ধী। জাননীযোগে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ কথা ঘোষণা কৰে লোকসভা সচিবালয়ে । চুৰাটৰ আদালতে বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ‘মোদী উপাধি’ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে দোষী সাব্যস্ত কৰিছিল। ২ বছৰৰ বাবে কাৰাদণ্ডৰ ৰায় দিছিল কংগ্ৰেছ নেতাজনক। অৱশ্যে লগে লগে জামিনো মঞ্জুৰ হৈছিল ৰাহুল গান্ধীৰ। সাংসদ পদ খাৰিজ হ’লেও নিজৰ সদস্যপদ ৰক্ষা কৰিবলৈ সকলো পথ বন্ধ হৈ যোৱা নাই ৰাহুল গান্ধীৰ। নিজক ৰক্ষা কৰিবৰ বাবে উচ্চ ন্যায়ালয়ত আবেদন কৰিব পাৰিব গান্ধীয়ে। যদি চুৰাট ছেছন ক’ৰ্টৰ ৰায়ত
- Today is: